SSB আৰু বন বিভাগৰ অভিযান, জব্দ চেগুন কাঠৰ কুণ্ডা

তামুলপুৰ জিলাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত হাতীডুবাত SSB আৰু বন বিভাগৰ অভিযান ৷ অভিযানত চেগুন কাঠৰ কুণ্ডাসহ এখন মহেন্দ্ৰ পিক আপ ভেন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত মহেন্দ্ৰ পিক আপ ভেনখনৰ নং AS 01 GC 2446৷ জব্দ কৰা কাঠখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা ৷ পুৱতি নিশা ভাৰত-ভূটান সীমান্তৰ ৬৪ নং কোম্পানীৰ পাটকিজুলিস্থিত SSBৰ জোৱান আৰু কুমাৰীকাটা ৰেঞ্জৰ বিষয়া-কৰ্মচাৰীসকলে গোপন খবৰ লাভ কৰি অভিযান চলাইছিল ৷

হাতীডুবা অঞ্চলত মহেন্দ্ৰ পিক আপ ভেনত চেগুন কাঠৰ কুণ্ডা গাড়ীখনত তুলি থাকোঁতে ধৰিবলৈ সক্ষম হয় বন বিভাগে ৷ ইপিনে SSB আৰু বন বিভাগৰ আগমনৰ খবৰ লাভ কৰি সেই ঠাইৰ পৰা চালকসহ আন লোকে পলায়ন কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...