এফালে শিক্ষয়িত্ৰী আনফালে ছাত্ৰ, জাগীৰোডত নিজকে শেষ কৰি পেলালে ছাত্ৰই

জাগীৰোডৰ কনাবৰীত শোকাৱহ ঘটনা। পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত জীৱনৰ চৰম সিদ্ধান্ত ললে ছাত্ৰই। চিপ লোৱা অৱস্থাত শোৱনি কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ। মৃত যুৱকজন নান্টু মজুমদাৰৰ কনিষ্ঠ পুত্ৰ ৰাজদ্বীপ মজুমদাৰ। পৰিয়ালৰ লোকে জনোৱা অনুসৰি পুৱা বহু দেৰিলৈকে শোৱনি কোঠাৰ দুৱাৰ নোখোলাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে। কেইবাবাৰো মতাত কোনো সঁহাৰি নাপাই দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰাত চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ছাত্ৰজনক। পৰৱৰ্তী পৰ্যায়ত জাগীৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। কি কাৰণত ছাত্ৰজনে নিজকে শেষ কৰি পেলালে তাকে লৈ আচম্বিত হৈ পৰিছে চুবুৰীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...