কিয় নিজকে শেষ কৰি পেলালে নিষ্ঠাৱান শিক্ষয়িত্ৰীয়ে?

বৃহস্পতিবাৰে বিশ্বনাথত শোকাৱহ ঘটনাৰ পিছত শুকুৰবাৰে আন এক শোকাৱহ ঘটনা। এগৰাকী শিক্ষয়িত্ৰীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত।

গোৰেশ্বৰত এগৰাকী যুৱতীৰ আত্মহত্যাক লৈ চাঞ্চল্য। পুৱতি নিশা নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ নিহিৰ বড়ো নামৰ শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ। নিহিৰ বড়ো গোৰেশ্বৰ ৰেইনবৌ ইংলিছ স্কুলৰ শিক্ষয়িত্ৰী আছিল।

এগৰাকী শিক্ষিত যুৱতীয়ে কি কাৰণত আত্মহত্যাৰ দৰে চৰম পন্থা ল’বলৈ বাধ্য হ’ল তাকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য। গোৰেশ্বৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বিশ্বনাথতো টেট উত্তীৰ্ণ এগৰাকী যুৱকে মৃত্যুক সাবটি লৈছিল। এই ঘটনাৰ পিছতে বাসগৃহত শোকাকুল পৰিৱেশ। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এফালে প্ৰাপ্যৰ দাবীত শিক্ষকৰ আন্দোলন, আনফালে চৰম পন্থা গ্ৰহণে চিন্তিত কৰিছে অভিভাৱক আৰু সচেতন মহলক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...