পৰ্যটকৰ বাবে ৩ দিন বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান

তিনিদিন পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। পহিলা এপ্ৰিলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিব গঁড় গণনা। সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্যত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে গঁড়ৰ গণনা প্ৰক্ৰিয়া ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো ১ এপ্ৰিলৰ পৰা ৩ এপ্ৰিললৈ চলিব গঁড় গণনা ৷ এই গঁড় গণনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ প্ৰৱেশ বন্ধ থাকিব। এক বিবৃতিযোগে এই কথা সদৰি কৰিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ৷ উল্লেখযোগ্য যে, শেহতীয়া গণনা অনুসৰি মানাহত সৰ্বমুঠ ৪৮টা গঁড়ৰ অৱস্থিতি নথিভুক্ত হৈছিল ৷ অৱশ্যে এইবাৰ গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি জনাইছে বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মই ৷ মানাহৰ তিনিওটা ৰেঞ্জতে চলিবলগীয়া এই গঁড় গণনাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...