ভাৰতলৈ আহি আছে নেপালৰ প্ৰধানমন্ত্ৰী, উদ্দেশ্য কি?

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা আহিব ভাৰতলৈ। অহা ১ এপ্ৰিলৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আহিব ভাৰতলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী। ভ্ৰমণকালত দুয়োখন দেশৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। ইয়াৰ লগতে উন্নয়নমূলক কাম-কাজ, অৰ্থনৈতিক উন্নয়ন, সীমান্তৰ অৱস্থা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, শেহতীয়াভাবে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে নেপাল ভ্ৰমণ কৰিছিল। চীনৰ বিদেশ মন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ পিছতে দিল্লী আগমনে বিশেষ তাত্পৰ্য বহন কৰিছে। ইফালে শ্ৰীলংকাৰ বিত্ত মন্ত্ৰীয়েও নতুন দিল্লী ভ্ৰমণ কৰিছিল। শ্ৰীলংকাৰ ভগ্ন অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ২.৪১৫ বিলিয়ন ডলাৰ অৰ্থ বিনিয়োগ কৰিব ভাৰতে। ইয়াৰ লগতে কভিড বিৰোধী যুঁজ আৰু সামৰিক সহযোগিতাৰ ক্ষেত্ৰতো ভাৰতে সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে ভাৰতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...