বীৰভূমকাণ্ডৰ CBI তদন্তৰ নিৰ্দেশ, বিপদত পৰিব নেকি মমতা বেনাৰ্জী?

পশ্চিম বংগৰ বীৰভূমকাণ্ডৰ CBI তদন্তৰ নিৰ্দেশ। কলকাতা উচ্চ ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিছে এই ঘটনাৰ। অহা ৭ এপ্ৰিলত প্ৰতিবেদন প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চ ন্য়ায়ালয়ৰ। উল্লেখ্য যে, সোমবাৰৰ ঘটনাৰ পিছতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজনৈতিক হিংসাই। বীৰভূমত কেইবাটাও বাসগৃহত অগ্নিসংযোগৰ ফলত ৮জনকৈ লোকৰ মৃত্যু হৈছে। এজন ৰাজনৈতিক নেতাৰ হত্যাৰ প্ৰতিশোধ মৰ্মেই এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে। বীৰভূমৰ ৰামপুৰহাটত দুৰ্বৃত্তৰ বোমা আক্ৰমণৰ ফলত তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত নেতা ভাদু প্ৰধান নিহত হৈছিল। এই হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপেই কেইবাটাও ঘৰত জুই লগোৱা হয় বুলি সন্দেহ কৰা হৈছে। ঘৰবোৰত অগ্নি সংযোগ কৰাৰ পূৰ্বে ঘৰৰ দুৱাৰবোৰ বাহিৰৰ পৰা বন্ধ কৰি দিয়া হৈছিল বুলিও স্থানীয় ৰাইজৰ অভিযোগ। এই ঘটনাৰ পিছতে মমতা বেনাৰ্জী চৰকাৰে ৰামপুৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ-বিভাগীয় আৰক্ষী বিষয়াক তাৎক্ষণিকভাবে নিলম্বন কৰিছিল। ইতিপূৰ্বে জ্যেষ্ঠ বিষয়া জ্ঞানৱন্ত সিং, মিৰাজ খালিদ আৰু সঞ্জয় সিঙক লৈ তিনিজনীয়া বিশেষ অনুসন্ধান দল গঠন কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...