মামণিৰ ৰহস্যজনক মৃত্যু, হত্যা নে আত্মহত্যা?

0 286

চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত মৰাণৰ কচুমাৰি হজোৱাৰ দিৰৈ নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকী মৰাণ ককৰামৰাৰ মামণি গড়। পুৱা নৈৰ কাষেৰে অহা-যোৱা কৰা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। আবেলি কচুমাৰিৰ ঘিলাগুৰিৰ পিতৃগৃহলৈ ওলাই আহিছিল মামণি গড়। ইয়াৰ পিছতে পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

মহিলাগৰাকীক হত্যাৰ সন্দেহ। মৰাণহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। মৃতদেহৰ লগত মামণি ১২ লিখা থকা আৰু এখন পাছপৰ্ট ফটো লাগি থকা কাৰ্ড উদ্ধাৰ হৈছে।

Leave A Reply

Your email address will not be published.