শিক্ষাগুৰুৰ পিছত এইবাৰ অংগনবাড়ী কৰ্মীৰ ‘বিদ্ৰোহ’, প্ৰাপ্যৰ দাবীত শদিয়াৰ পৰা ধুবুৰীলৈ উত্তাল প্ৰতিবাদ

ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদৰ মাজতে এইবাৰ অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ গৰৈমাৰীত অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক কৰ্মী-সহায়িকাৰ এই প্ৰতিবাদী কাৰ্যসূচী৷ কেইবাটাও দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। কৰ’না কালৰ পৰা বৰ্তমানলৈ নিজৰ জীৱনক তুচ্ছ কৰি বহু কষ্টৰে দায়িত্ব পালন কৰি আছে৷ কিন্তু এইসকল কৰ্মী-সহায়িকাক উপযুক্ত মাননি অথবা মৰ্যাদা প্ৰদান কৰাৰ পৰা ব্যৰ্থ হৈছে সমাজ কল্যাণ বিভাগ৷ যাৰ বাবে প্ৰাপ্য দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মাহেকত কমেও ২১ হাজাৰ টকা মজুৰি দিয়া, চাকৰি নিয়মীয়াকৰণ, মিনি কেন্দ্ৰসমূহ পুৰ্নাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, অৱসৰৰ সময়ত এককালীন সাহায্য প্ৰদান কৰাৰ দাবী৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...