উৰহী গছেই হ’ল কাল, ডিঙিত কাঁচি লাগি বাগৰি পৰিল ৩০ ফুট তললৈ!

মেৰাপানী সীমান্তত কৰুণ ঘটনা। চুবুৰীয়া নাগালেণ্ডত দিন হাজিৰা কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে অসমৰ কিশোৰে। নিহত কিশোৰটিৰ নাম কৃষ্ণ দাস। উল্লেখ্য যে, দুপৰীয়া মেৰাপানী সীমান্তৰ জ্যোতিপথাৰৰ দুজন কিশোৰে চুবুৰীয়া নাগালেণ্ডৰ চিফিয়ান বস্তিত এজন নগা লোকৰ বাৰীৰ গছত উঠি মণিপুৰি চিম পাৰি থাকোতেই দুৰ্ঘটনাবশতঃ বাঁহত লাগি থকা কাঁচিখন ডিঙিত লাগি কটা যায়। গুৰুতৰভাৱে আহত কিশোৰটি প্ৰায় ৩০ ফুট ওখ গছৰ পৰা বাগৰি পৰে আৰু থিতাতে নিহত হয়।

ঘটনা সন্দৰ্ভত খবৰ পাই নগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী আৰু সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ উপস্থিত হৈ নিহত কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...