এয়াৰ লাইন্ছ বেচি টকা গোটোৱাৰ চেষ্টা চৰকাৰৰ,নোট ছপা কৰি দৰমহা দিব লাগিব কৰ্মচাৰীক!

দেউলীয়া হৈ পৰিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা । বিধ্বস্ত অৰ্থনীতি, দিশহাৰা চৰকাৰ, জনতা । নাই ইন্ধন, নাই খাদ্য সামগ্ৰী, দৰৱ । চৌদিশে হাহাকাৰ, ৰাইজৰ প্ৰতিবাদ । দ্বীপৰাষ্ট্ৰখনৰ অৰ্থনীতিয়ে এনে বিধ্বস্ত ৰূপ লোৱাৰ সময়তে প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰে ৰণিল বিক্ৰমসিংঘে । দেশখনৰ অৰ্থনীতিক সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী দায়িত্ব লৈছিল বিক্ৰমসিংঘেয়ে । কিন্তু প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই চৌদিশে অন্ধকাৰ দেখিছে ৰণিল বিক্ৰংসিংঘেয়ে । সোমবাৰে দেশবাসীক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী বিক্ৰমসিংঘেয়ে অকপটে স্বীকাৰ কৰে স্বাধীনতাৰ ৭০ বছৰত গভীৰতম আৰ্থিক সংকটত পৰিছে শ্ৰীলংকা । দেশখনত মজুত আছে মাত্ৰ এদিনৰ ইন্ধন । ক্ৰয় ক্ষমতা প্ৰায় শূন্য হৈ পৰা দেশখনৰ কলম্বো মন্দিৰৰ বাহিৰত অপেক্ষাৰত তিনিখনকৈ ইন্ধনভৰ্তি জাহাজ । কিন্তু শ্ৰীলংকা চৰকাৰৰ হাতত নাই ইন্ধন ক্ৰয়ৰ সামৰ্থ্য। প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেয়ে প্ৰকাশ কৰা মতে, অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে দেশখনক শীঘ্ৰে প্ৰয়োজন ৭৫ নিযুত ডলাৰ । ইন্ধনহীন দেশখনত ইন্ধন বিচাৰি দিনে-নিশাই পেট্ৰ’ল পাম্পসমূহত ভিৰ কৰিছে যান-বাহনৰ গৰাকীয়ে । কেৱল সেয়াই নহয়, আৰ্থিক সমস্যাৰ সমাধান বিচাৰি হাবাথুৰি খাইছে বিক্ৰসিংঘে চৰকাৰে । আৰ্থিক সংকট মোচনৰ বাবে শ্ৰীলংকা এয়াৰ লাইন্ছ বিক্ৰী কৰিবলৈ সাজু চৰকাৰ । চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ নোট ছপা কৰিব চৰকাৰে । কিন্তু কিমান কাৰ্যকৰী হ’ব এই ব্যৱস্থা তাকে লৈ উত্থাপন হৈছে প্ৰশ্নৰ । নতুনকৈ ছপা কৰা নোটেৰে শ্ৰীলংকাবাসীৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব ঠিকেই কিন্তু ক্ৰয় কৰিবলৈ জনতাই সামগ্ৰী ক’ত পাব তাৰ কোনো উত্তৰ নাই শ্ৰীলংকা চৰকাৰৰ হাতত ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...