কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ যাত্রা বা শুভ কাম কৰোঁতে আপুনি গাঢ় ৰঙা ৰঙৰ কাপোৰ পিন্ধিব৷

বৃষ– কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব৷ মন হঠাৎ বেয়াও হ’ব পাৰে৷ বিদ্যার্থীসকলৰ শুভ৷ আপুনি আজি কমলা ৰঙৰ কাপোৰ পিন্ধিব৷ কমলা আপোনাৰ শুভ ৰং৷

মিথুন– প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ কর্মাদিত বেয়া দেখা নাযায়৷ ভ্রমণত কষ্ট পাব পাৰে৷ পৰাপক্ষত ভ্রমণ নকৰাই ভাল৷ ঘৰুৱা অশান্তিৰ মাজত ঠিক ৰখাৰ যত্ন কৰক৷ শুভ বর্ণ হালধীয়া৷

কর্কট– অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল ল’ব৷ যাত্রাদি শুভ৷

সিংহ– সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব৷ শুভ বর্ণ ৰঙা৷

কন্যা– বিদ্যার্থীৰ বাবে আজি দিনতো ভালেই দেখা যায়৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ আপোনাৰ শুভ বর্ণ বেঙুনীয়া৷ যাত্রাদি শুভ৷

তুলা– কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ মাতৃৰ শৰীৰ বেয়া নহ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্রমণ কৰিলে সুফল পাব৷

বৃশ্চিক– দূৰ যাত্রাদিত বাধা, পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ শুভ বর্ণ হালধীয়া৷ আজি হালধীয়া ফুলেৰে পূজা কৰি সোঁহাতত সূতা বান্ধি ল’ব৷

ধনু– ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব৷ খৰচ বৃদ্ধি পাব৷ কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে৷ সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ আজি আপোনাৰ শুভ বর্ণ আকাশী নীলা৷

মকৰ– পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ শুভ বর্ণ সেউজীয়া৷ সেউজীয়া ৰং ব্যৱহাৰ কৰক।

কুম্ভ– কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ শুভ বর্ণ মেৰুন৷ এই ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰিব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷

মীন– আর্থিক চিন্তা থাকিব পাৰে৷ প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব৷ ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷ যাত্রাও মধ্যম৷ শুভ বর্ণ পাতল সেউজীয়া৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...