মছজিদ চৌহদত শিৱলিংগ উদ্ধাৰ, প্ৰতিবেদন দাখিলৰ বাবে দুদিনৰ সময়সীমা আদালতৰ

বাৰানসীৰ বিতৰ্কিত জ্ঞানবাপী মছজিদত চলোৱা সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ দুদিনৰ সময়সীমা বান্ধি দিয়া হৈছে। দুদিনৰ ভিতৰত মছজিদ চৌহদত চলোৱা সমীক্ষাৰ প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছে বাৰানসীৰ এখন আদালতে। বাৰানসীৰ ছিভিল আদালতৰ নিৰ্দেশ ক্ৰমে মছজিদ চৌহদত ভিডিঅ’ সমীক্ষা চলাবলৈ নিয়োগ কৰা হৈছিল ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ এটা দল। ইতিমধ্যে জৰীপ কাৰ্য সম্পন্ন কৰা হৈছে যদিও ইয়াৰ প্ৰতিবেদন এতিয়াও দাখিল কৰা হোৱা নাই। প্ৰতিবেদন দাখিলৰ পূৰ্বে এই সমীক্ষা সম্পৰ্কীয় তথ্য ফাদিল কৰাৰ অভিযোগত আদালতে সমীক্ষাৰ বাবে নিয়োগ কৰা তিনিজনীয়া আয়ুক্তৰ এজনক বৰ্খাস্ত কৰা হৈছে। অজয় মিশ্ৰ নামৰ আয়ুক্তজনৰ এজন সহকাৰীয়ে ফাদিল কৰিছিল এই তথ্য। আন দুজন আয়ুক্ত বিশাল সিং আৰু অজয় প্ৰতাপৰ ওপৰত সমীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দায়িত্ব ন্যস্ত কৰা হৈছে। উল্লেখ্য যে কাশী বিশ্বনাথ মন্দিৰৰ কাষৰীয়া জ্ঞানবাপী মছজিদ চৌহদত হিন্দু মন্দিৰ থকা বুলি একাংশ হিন্দু সংগঠনে দাবী কৰাৰ পিছতে ভিডিঅ’ সমীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই সমীক্ষা চলোৱাৰ সময়তে মছজিদ চৌহদত শিৱলিংগ উদ্ধাৰ কৰা হয়। সম্প্ৰতি সমগ্ৰ বিষয়টো আদালতৰ বিবেচনাধীন। ইপিনে মছজিদৰ কোন স্থানত প্ৰকৃততে শিৱলিংগ উদ্ধাৰ কৰা হৈছে তাক নিশ্চিত কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। অঞ্চলটো সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ন্যায়ালয়ে চৌহদত নামাজ নিষিদ্ধ নকৰিবলৈও নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...