পূজাৰ আনন্দৰ নামত চৰম উদ্ভণ্ডালি

পূজাৰ আনন্দৰ মাজতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। যোৰহাটত অচিনাক্ত দুৰ্বৃত্তই চুৰিৰে হানিলে এজন যুৱকক। একাংশ সুৰাপায়ী যুৱকে যোৰহাটত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। লাহোৱালতো সুৰাৰ ৰাগীত মাতাল যুৱকৰ তাণ্ডৱ। ভিন্ন ঠাইত আৰক্ষী আৰু সুৰাপায়ীৰ হতা-হতি।

পূজাৰ আনন্দৰ নামত চৰম উদ্ভণ্ডালি
নৱমীৰ নিশা ভিন্ন ঠাইত বিক্ষিপ্ত ঘটনা
যোৰহাটৰ গড়আলিত চোকা অস্ত্ৰৰে আক্ৰমণ যুৱকক
লাহোৱালতো সুৰাপায়ী যুৱকৰ তাণ্ডৱ

শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত মতলীয়া ৰাজ্যবাসী। তাৰ মাজতেই ঠায়ে ঠায়ে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আক্ৰমণৰ বলি হল একাংশ। নৱমীৰ নিশা যোৰহাটত ঘটিল অঘটন। গড় আলি চোকা অস্ত্ৰৰে যুৱকক আক্ৰমণ কৰিলে দুৰ্বৃত্তই। আক্ৰমণত গুৰুতৰভাৱে আহত বাবু চৌধুৰী নামৰ এজন যুৱক। আহত যুৱকজনক ভৰ্তি কৰোৱা হয় JMCHত। কোনে, কিয় আক্ৰমণ কৰিলে সেয়া পোহৰলৈ অহা নাই।

এই দৃশ্যও যোৰহাটৰ। সুৰাৰ ৰাগীত মাতাল যুৱক হতাহতিত লিপ্ত হ’ল আৰক্ষীৰ লগত। আৰক্ষীয়ে টানি চোঁচৰাই গাড়ীত উঠালে সুৰাপায়ী যুৱকক। ইয়াকে লৈ যোৰহাটত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰে চিনাকি থকা বুলি দম্ভালি মাৰি হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিলে যুৱককেইজনে। বহু সময় উত্তেজনা।

এয়া লাহোৱাল। লাহোৱালৰ ডিকমত সুৰাপান কৰা যুৱকৰ গুণ্ডাগিৰি। ডিকমত অস্থায়ীভাবে এখন দোকান দিছিল এই যুৱকজনে। নৱমীৰ নিশাৰ দোকানখনত প্ৰৱেশ কৰি পুতলা ললে কেইজনমান যুৱকে। পইছা বিচাৰোঁতেই প্ৰথমে তৰ্কা-তৰ্কি তাৰ পাছত দোকানীজনক প্ৰহাৰ কৰে উদণ্ড যুৱকৰ দলটোৱে।

দোকানী জনৰ মুখমণ্ডলত বেয়াকৈ প্ৰহাৰ কৰে উদণ্ড যুৱককেইজনে। দোকানখনৰ বহু টকাৰ সামগ্ৰীও ভাঙি পেলায় দলটোৱে। ঘটনাস্থলীত ডিকম আৰক্ষী উপস্থিত হৈ পাঁচজন যুৱকক আটক কৰে। এইদৰেই পূজাৰ সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে অবাঞ্চিত পৰিস্থিতি। সৃষ্টি হৈছে উত্তেজনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...