বিদেশৰ মাটিত প্ৰবাসী অসমীয়াৰ অসমীয়াগিৰি!

এগৰাকী ১৬ বছৰীয়া অসমীয়া যুৱক অশ্বিন হাজৰিকাই আমেৰিকাৰ বাকৰিত অব্যাহত ৰাখিছে মাতৃভাষাৰ চৰ্চা। বিদেশৰ চৌপাশে ঢুকি নোপোৱা, তেজত থলুৱা মাটিৰ গোন্ধ প্ৰবাহিত, পিতৃ কৃষ্ণ হাজৰিকা আৰু মাতৃ অঞ্জনা বৰদলৈৰ সৈতে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী অশ্বিনৰ অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি আবেগ জন্মলগ্নৰে পৰা সঞ্চিত। আমেৰিকাৰ বিভিন্ন মঞ্চত ৪ বছৰ বয়সৰ পৰা তেওঁ অসমীয়া ভাষাত গীত পৰিৱেশন কৰি প্ৰবাসী অসমীয়া হৈ কিদৰে নিজৰ মাতৃভাষাক সন্মান জনাব পাৰি তাক প্ৰমাণিত কৰি আহিছে।

সংগীতৰ প্ৰতি আগ্ৰহী অশ্বিনৰ বহুদিনীয়া সপোন আছিল অসমীয়া ভাষাত নিজৰ গীত এটি মুকলি কৰাৰ। সেই সপোনৰ পম খেদি ২৩ অক্টোবৰ তাৰিখে নিজৰ ১৭ বছৰীয়া ওপজা দিনটিত অশ্বিনে নিজা ইউটিউব চেনেল @AshwinOutbreak ৰ জৰিয়তে মুকলি কৰিছে ৰাহুল গৌতম শৰ্মাৰ কলমত প্ৰাণ পাই উঠা “কেঁচা সোণ” নামৰ গীতটি। গীতটিৰ সংগীত প্ৰবন্ধক সুদৰ্শন, সংগীত মিশ্ৰণ কৰিছে ইবছন লাল বৰুৱাই, ভিডিঅ’ পৰিচালনা কৰিছে ৰোহন ভিৰ্দিয়ে। বিদেশী মাটিত মাতৃভাষাৰ গোন্ধ বিয়পাই অশ্বিনে এই গীতটিৰ মাজেৰে লৈ আহিছে তেওঁৰ প্ৰতিভাৰ অনন্য সংস্কৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...