গাজাত যোৱা ২৪ ঘণ্টাত ৪০০ স্থানত গোলাবৰ্ষণ ইজৰাইলৰ

পণবন্দী কৰি ৰখা দুগৰাকী মহিলাক হামাছ বাহিনীয়ে মুক্তি দিলেও ইজৰাইলে গাজাত অব্যাহত ৰাখিছে গোলাবৰ্ষণ। যোৱা ২৪ ঘণ্টাত গাজাৰ ৪০০টা স্থানক লক্ষ্য কৰি লৈ ইজৰাইলে গোলাবৰ্ষণ কৰে ফলত প্ৰায় ৭০৪ গৰাকী পেলেষ্টাইনী লোকৰ মৃত্যু হোৱা বুলি দাবী হামাছৰ। যুদ্ধৰ মাজতে ইজৰাইলত উপস্থিত হৈছেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। ইজৰাইল–হামাছৰ সংঘাত নিৰাময়ৰ প্ৰয়াসেৰে বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বিশেষ বৈঠক।

গাজাত যোৱা ২৪ ঘণ্টাত ৪০০ স্থানত গোলাবৰ্ষণ ইজৰাইলৰ

৭০৪ গৰাকী পেলেষ্টাইনী লোকৰ মৃত্যু হোৱা বুলি জনালে হামাছে

গাজাত ইজৰাইলেৰে সংঘৰ্ষত নিহতৰ সংখ্যা ৫,৭৯১ লৈ বৃদ্ধি

নিহতৰ ভিতৰত আছে ২৩৬০টা কণমানি শিশুও

ইজৰাইলত বোমা বিস্ফোৰণত ক্ষতিগ্ৰস্ত গাজাৰ অল ৱাফা হাস্পতাল

গাজাত অব্যাহত ৰৈছে ইজৰাইলৰ গোলাবৰ্ষণ। হামাছৰ ৪০০ স্থানক লক্ষ্য লৈ ইজৰাইলে সোমবাৰৰ নিশাৰ পৰা গোলাবৰ্ষণ অব্যাহত ৰাখিছে। হামাছৰ কমন চেণ্টাৰ কাৰ্যক্ষম সুৰংগসমূহ আৰু ৰকেট নিক্ষেপ কৰা স্থানসমূহ লক্ষ্য ৰাখি ইজৰাইলে এই গোলাবৰ্ষণ অব্যাহত ৰাখে। ইয়াৰ ফলত গাজাত যোৱা ২৪ ঘণ্টাত ৭০৪ গৰাকী পেলেষ্টাইনী লোকৰ মৃত্যু হোৱা বুলি হামাছৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে।

হামাছে মুক্তি দিলে পণবন্দী কৰি ৰখা দুগৰাকী বৰ্ষীয়ান ইজৰাইলী মহিলাক

অসুস্থ হৈ পৰা মহিলা দুগৰাকীক ৰেডক্ৰছক গতাই দিলে হামাছে

দুগৰাকী বৰ্ষীয়ান ইজৰাইলী মহিলাক পণবন্দী কৰি ৰখাৰ পিছত মঙলবাৰে হামাছ বাহিনীয়ে মুক্তি দিছে। ইজপ্ত আৰু কাটাৰৰ হেঁচাত এই মহিলা দুগৰাকী হামাছে গতাই দিয়ে ইণ্টাৰনেচনেল ৰেডক্ৰছক। দুয়োগৰাকী মহিলা অসুস্থ হৈ পৰাৰ বাবে মুকলি কৰি দিয়ে হামাছে। অৱশ্যে তেওঁলোকৰ পৰিয়ালৰ আন লোকসকলক আৱদ্ধ কৰি ৰাখিছে হামাছে। ইফালে হামাছৰ এই পদক্ষেপৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে গাজাত গোলাবৰ্ষণ অব্যাহত ৰাখিছে।

পুনৰ হামাছক সকীয়নি দিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে

হামাছৰ অধীনত থাকিব নোৱাৰিব গাজাৰ কোনো লোকঃ নেতান্যাহু

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনৰ মতে পণবন্দীক মুক্তি দিলেহে হ’ব যুদ্ধবিৰতি

গাজাত থকা ইণ্ডোনেছিয়ান হাস্পতালত ব্যাহত চিকিৎসা সেৱা

ইজৰাইলৰ আক্ৰমণত পেলেষ্টাইনী সাংবাদিক ৰুছডি শ্বাৰাইৰ মৃত্যু

হামাছৰ নেতা ওমৰ ডাৰাঘমেহক গ্ৰেপ্তাৰৰ পিছত ইজৰাইলী হাজোতত মৃত্যুৰ ঘটনাই পুনৰ ক্ষুব্ধ কৰি তুলিছে হামাছক। ৱেষ্ট বেংক এলেকাত আন এজন হামাছ নেতা আদনান হামাৰশ্বেহক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যুদ্ধৰ মাজতে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে টেল আভিভত অৱতৰণ কৰিছে। ৱেষ্ট বেংকত ইজৰাইলীক সংস্থাপনৰ বিৰোধিতা আৰু এখন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনত মাত মাতিব বুলি ঘোষণা কৰিছে মেক্ৰনে। অহা বৃহস্পতিবাৰে পেলেষ্টাইনৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...