পানীৰ বটলৰ তলত চোৰাং চন্দন

আৰক্ষীলৈ গোপন সূত্ৰৰ পৰা এটা খবৰ আহিল। এখন ট্ৰাকত ২০ লাখ টকাৰ চোৰাং সামগ্ৰী গৈ আছে। অভিযান চলাই আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিলে। প্ৰথমে তালাচীত ওলাল পানীৰ বটল। অভিযানৰ অলপ সময়ৰ পাছতেই অবাক আৰক্ষী-বন বিভাগ। কাৰণ গোপনে ট্ৰাকখনত সৰবৰাহ হৈছিল ২০ লাখ টকাৰ চেগুন কাঠ।

অসমত কোন এই পুষ্পা?
কোনে চলাইছে চোৰাং বেপাৰ?
গোপনে সৰবৰাহ…
নাম নাজানে কোনেও
কেৱল নম্বৰ…


আৰক্ষীলৈ বিশেষ সূত্ৰৰ পৰা এটা খবৰ আহিল। UP 52BT 0013 নম্বৰৰ এখন ট্ৰাকত ২০ লক্ষাধিক টকাৰ সামগ্ৰী গৈ আছে। সেই খবৰ ভিত্তিতেই অভিযান চলালে আৰক্ষীয়ে। শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দ কৰিলে ট্ৰাকখন। আৰক্ষীয়ে তিৰপাল আঁতৰালে। পানীৰ বটল ভৰ্তি আছিল ট্ৰাকখনত।

পানীৰ বটলৰ তলত চোৰাং চন্দন
গুৱাহাটীৰ পৰা ট্ৰাকখন গৈ আছিল বিহাৰলৈ
আৰক্ষীৰ জালত পৰিল দুজন


কোনে ক’ৰ পৰা কাঠখিনি সৰবৰাহ কৰিছিল তাৰ কোনো তথ্য দিব নোৱাৰিলে চালকে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। জব্দকৃত কাঠখিনিৰ মূল্য ২০ লক্ষাধিক টকা হ’ব বুলি প্ৰকাশ কৰিছে বন বিভাগে। কিন্তু আঁৰত কোন?

এইখন ট্ৰাকেই জানো প্ৰথম…
কোনে কেনেকৈ চলাইছে এই অবৈধ বেহা?

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...