পানীৰ বটলৰ তলত চোৰাং চন্দন

আৰক্ষীলৈ গোপন সূত্ৰৰ পৰা এটা খবৰ আহিল। এখন ট্ৰাকত ২০ লাখ টকাৰ চোৰাং সামগ্ৰী গৈ আছে। অভিযান চলাই আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিলে। প্ৰথমে তালাচীত ওলাল পানীৰ বটল। অভিযানৰ অলপ সময়ৰ পাছতেই অবাক আৰক্ষী-বন বিভাগ। কাৰণ গোপনে ট্ৰাকখনত সৰবৰাহ হৈছিল ২০ লাখ টকাৰ চেগুন কাঠ।

অসমত কোন এই পুষ্পা?
কোনে চলাইছে চোৰাং বেপাৰ?
গোপনে সৰবৰাহ…
নাম নাজানে কোনেও
কেৱল নম্বৰ…


আৰক্ষীলৈ বিশেষ সূত্ৰৰ পৰা এটা খবৰ আহিল। UP 52BT 0013 নম্বৰৰ এখন ট্ৰাকত ২০ লক্ষাধিক টকাৰ সামগ্ৰী গৈ আছে। সেই খবৰ ভিত্তিতেই অভিযান চলালে আৰক্ষীয়ে। শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দ কৰিলে ট্ৰাকখন। আৰক্ষীয়ে তিৰপাল আঁতৰালে। পানীৰ বটল ভৰ্তি আছিল ট্ৰাকখনত।

পানীৰ বটলৰ তলত চোৰাং চন্দন
গুৱাহাটীৰ পৰা ট্ৰাকখন গৈ আছিল বিহাৰলৈ
আৰক্ষীৰ জালত পৰিল দুজন


কোনে ক’ৰ পৰা কাঠখিনি সৰবৰাহ কৰিছিল তাৰ কোনো তথ্য দিব নোৱাৰিলে চালকে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। জব্দকৃত কাঠখিনিৰ মূল্য ২০ লক্ষাধিক টকা হ’ব বুলি প্ৰকাশ কৰিছে বন বিভাগে। কিন্তু আঁৰত কোন?

এইখন ট্ৰাকেই জানো প্ৰথম…
কোনে কেনেকৈ চলাইছে এই অবৈধ বেহা?

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...