ব্যতিক্ৰমী ৰূপত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ব্যতিক্ৰমী ৰূপত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দিল্লীৰ আনন্দ বিহাৰ ৰে’ল ষ্টেচনৰ কুলীসকলৰ সৈতে মত বিনিময় কৰিবলৈ হঠাৎ উপস্থিত ৰাহুল গান্ধী। কুলীৰ পোছাক পিন্ধি ৰাহুলে মূৰত তুলি ল’লে বেগ। মুহূৰ্ততে ছ’চিয়েল মিডিয়াত বিয়পি পৰিল ভিডিঅ’।

কুলী নম্বৰ-৭৮৬
গাত ৰঙা ছাৰ্ট। বাহুত ৭৮৬ নম্বৰৰ বেজ। মূৰত ট্ৰ’লী বেগ।
ন-ৰূপত ৰাহুল গান্ধী

দেশবাসীৰ কাষ চাপিবলৈ। জনতাৰ সমস্যাৰ ওচৰৰ পৰা বুজ ল’বলৈ অহৰহ প্ৰয়াস কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। কেতিয়াবা ট্ৰাক চালকৰ সৈতে কথোপকথন। কেতিয়াবা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে আলোচনা। দিল্লীৰ বেংগলী মাৰ্কেটত পুচকাৰ সোৱাদ লোৱাৰ পাছত এইবাৰ আন এক ৰূপত ৰাহুল। দিল্লীৰ আনন্দ বিহাৰ ৰে’ল ষ্টেচনত ৰাহুল গান্ধী। কুলীসকলৰ দৰেই পোছাক পিন্ধি মূৰৰ ওপৰত ট্ৰলী বেগ তুলি ল’লে ৰাহুলে। সাংসদগৰাকীক কাষত পাই উৎসাহিত হৈ পৰিল সকলো। ৰাহুল গান্ধী জিন্দাবাদ শ্লোগান দিলে সকলোৱে। ছচিয়েল মিডিয়াত এই ভিডিঅ’টোক লৈ ব্যাপক চৰ্চা। কুলীকসকলৰ বিভিন্ন সমস্যাৰ বুজ ল’লে ৰাহুলে।

কুলীসকলৰ এশ এবুৰি সমস্যা। বছৰ বছৰ ধৰি বঢ়া নাই তেওঁলোকৰ মাননী। নাপায় স্বাস্থ্য সেৱা। মূল্যবৃদ্ধিয়েও মাধমাৰ শোধাইছে। সেই কথাবোৰ ৰাহুল গান্ধীক জনালে এওঁলোকে। ২৪ৰ লোকসভা নিৰ্বাচন চমু চাপিছে। ভাৰত জোড়ো যাত্ৰা অব্যাহত ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তাৰ মাজতে সময়ে সময়ে ভিন্ন স্তৰৰ লোকৰ সৈতে মত বিনিময় কৰিছে ৰাহুল গান্ধীয়ে। যোৱা সময়ছোৱাত আনন্দ বিহাৰৰ কুলী সমাজে ৰাহুল গান্ধীক কাষত বিচাৰিছিল। তাৰ প্ৰতি সঁহাৰি জনায়েই ৰে’ল ষ্টেচনত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ এই কাৰ্যক সমালোচনাও কৰিছে দুই-এজন বিজেপি নেতাই। তেওঁলোকৰ মতে এয়া ৰাহুল গান্ধীৰ নাটক।

উভটি ধৰিছে কংগ্ৰেছ, ৰাহুল গান্ধীৰ সমৰ্থকেও। ৰাহুল গান্ধী জনতাৰ মাজলৈ গ’লে নাটক। তেন্তে নৰেন্দ্ৰ মোদীয়ে চাফাই কৰ্মীক ভৰি ধুৱাই দিয়াটো কি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...