দুই বছৰীয়া শিশুৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে হাম হস্পিটেলৰ চিকিৎসকসকলে

দুই বছৰীয়া শিশুৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে হাম হস্পিটেলৰ চিকিৎসকসকলে। মাত্ৰ দুই বছৰীয়া শিশুৰ এনে জটিল অস্ত্ৰোপচাৰ ৰাজ্যত প্ৰথম বুলি ব্যক্ত কৰিলে চিকিৎসক চি ইছলামে। ৰাজ্যত এনে জটিল অস্ত্ৰোপচাৰ খুবেই কম হয়। চিকিৎসকে জনোৱা মতে, এয়া প্ৰথম জটিল অস্ত্ৰোপচাৰ। লেপাৰোস্কোপিকৰ জৰিয়তে অস্ত্ৰোপচাৰ সম্পন্ন হ’ল গ’লড ব্লাডাৰ ষ্ট’ন আৰু খাদ্যনলীত হোৱা ষ্ট’নৰ।

দুয়োটা অস্ত্ৰোপচাৰ হাম হস্পিটেলৰ চি এম ডি চিকিৎসক ডাঃ চি ইছলামৰ নেতৃত্বত সফলভাৱে সম্পন্ন হয়। মেহজাবীন চৌধুৰী নামৰ শিশুটিৰ ঘৰ কৰিমগঞ্জত। চিকিৎসাৰ বাবে শিশুটিৰ পিতৃ-মাতৃয়ে বিভিন্ন চিকিৎসালয়লৈ লৈ গৈছিল যদিও কোনো সুফল নাপাই অৱশেষত হোজাইৰ হাম হস্পিটেলত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হয়। শিশুটি বৰ্তমান সম্পূৰ্ণ সুস্থ, দুই-এদিনতে ঘৰলৈ যাব পাৰিব বুলি চিকিৎসকে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...