পৃথিৱীৰ সকলোতকৈ ওখ ৰে’লৱে দলংখন

পৃথিৱীৰ সকলোতকৈ ওখ ৰে’লৱে দলংখনৰ বিষয়ে জানেনে? আপুনি জানি আনন্দিত হ’ব যে এই দলংখন নিৰ্মাণ কৰা হৈছে ভাৰততে।

এই দলংখন পেৰিচত অৱস্থিত আইফেল টাৱাৰতকৈও ওখ। কিন্তু ভাৰতৰ কোন ঠাইত নিৰ্মাণ কৰা হৈছে এই দলংখন। জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

পৃথিৱীৰ সকলোতকৈ ওখ ৰে’লৱে দলংখনৰ কাম প্ৰায় শেষ হৈছে। এই দলংখন জম্মু-কাশ্মীৰৰ ছিনাৱ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। অতি সোনকালে এই দলংখনৰ ওপৰেৰে ৰে’ল চলাচল হ’ব বুলি জানিব পৰা গৈছে। যাৰ পাছত এই দলংখনে প্ৰতিটো মুহূৰ্ততে কাশ্মীৰক দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোগ কৰিব। নদী পৃষ্ঠৰ পৰা দলংখনৰ উচ্চতা হৈছে ৩৫৯ মিটাৰ। শেহতীয়াকৈ এই দলংখনৰ কিছু স্থিৰ চিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দলংখনৰ তলত ডাৱৰ দেখা পোৱা গৈছে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...