সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলী স্থগিত; ৪ ডিচেম্বৰত পৰৱৰ্তী কাৰ্যপন্থা ঘোষণা কৰিব প্ৰতিবাদী কৃষকে

কৃষি আইন বাতিল বিধেয়ক, ২০২১ সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ’বলৈ সাজু হোৱাৰ লগে লগে, সংযুক্ত কিষাণ মৰ্চাৰ (SKM) মূল সমিতিয়ে শনিবাৰে কয় যে, তেওঁলোকে ৪ ডিচেম্বৰত তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা ঘোষণা কৰিব।

কৃষি আইন বাতিল বিধেয়ক, ২০২১ৰ লক্ষ্য হৈছে যোৱা বছৰ সংসদৰ দ্বাৰা গৃহীত তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰা। লোকসভাৰ ৱেবছাইটত তালিকাভুক্ত কাৰ্যক্ৰমণিকাত উল্লেখ কৰা হৈছে যে, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ২০২০ চনৰ কৃষি বিধেয়ক বাতিল কৰাৰ বাবে এখন বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়িব। মন্ত্ৰীজনে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ সংশোধন কৰিবলৈও প্ৰচেষ্টা হাতত ল’ব।

দিনটোৰ আৰম্ভণিতে মিলিত হোৱা SKMৰ মূল সমিতিৰ সদস্যসকলে কয় যে, তেওঁলোকে নৰেন্দ্ৰ সিং টোমৰে প্ৰকাশ কৰা বিবৃতিটো বিশ্লেষণ কৰিব বিচাৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...