MSP সমিতি গঠন কৰা হ’ব; এতিয়া প্ৰতিবাদী কৃষক সকল ঘৰলৈ যাওঁক : নৰেন্দ্ৰ সিং টোমৰ

শনিবাৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে নূন্যতম সমৰ্থন মূল্য (MSP) প্ৰণালীক অধিক স্বচ্ছ আৰু কাৰ্যকৰী কৰাৰ বাবে এখন সমিতি গঠনৰ কথা ঘোষণা কৰিছে।

“এই সমিতি গঠনৰ লগে লগে MSPৰ ওপৰত কৃষকসকলৰ দাবী পূৰণ হ’ব। এই সমিতিখনত কৃষক সংগঠনৰ প্ৰতিনিধি থাকিব,” নৰেন্দ্ৰ সিং টোমৰে কয়। লগতে আন্দোলনকাৰী কৃষকসকলক “ঘৰলৈ যাবলৈ” আহ্বান জনায়।

নৰেন্দ্ৰ সিং টোমৰে লগতে কয়, “তিনিখন কৃষি আইন বাতিলৰ সিদ্ধান্ত ঘোষণাৰ পিছত কৃষকৰ আন্দোলন অব্যাহত ৰখাৰ কোনো অৰ্থ নাই। মই কৃষকসকলক তেওঁলোকৰ আন্দোলন সমাপ্ত কৰি ঘৰলৈ যাবলৈ অনুৰোধ জনাইছো।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...