মণিপুৰ বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভৰ পৰিকল্পনা NPPৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেচনেল পিপলছ পাৰ্টিৰ (NPP) মুৰব্বী কনৰাড চাংমাই ৬০ জনীয়া মণিপুৰ বিধানসভাত প্ৰায় ৪০ৰ পৰা ৪৫ খন আসনৰ বাবে অকলে প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে ২০২২ চনৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

NPP মণিপুৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দলটোৰ চৰকাৰত উপ-মুখ্যমন্ত্ৰীকে ধৰি দুজন মন্ত্ৰী আছে। কনৰাড চাংমাই এক সাক্ষাৎকাৰত কয় যে, এতিয়ালৈকে, তেওঁৰ দলে ৩০খনতকৈও অধিক আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ চূড়ান্ত কৰিছে।

“NPPৰ নিৰ্বাচনী সমিতিয়ে চূড়ান্ত তালিকা প্ৰদান কৰিব আৰু মই তাৰ বাবে অপেক্ষা কৰি আছো। কিন্তু ই নিশ্চিতভাৱে ৩০ প্লাছ হ’ব আৰু ৪০ৰ পৰা ৫০খন আসন স্পৰ্শ কৰিবও পাৰে। কিন্তু, দলটোৰ নিৰ্বাচনী সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ পিছত চূড়ান্ত সিদ্ধান্ত ল’ব,” কনৰাড চাংমাই কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...