অসম আৰক্ষীৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে সংযোজন হ’ব নতুন বিশেষ ইউনিট। Smart Response Unit (SRU) নামেৰে গঠন হ’বলগীয়া এই বিশেষ বাহিনী সংকটৰ মুহূৰ্তত ক্ষিপ্ৰতাৰে প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু কৰা হ’ব।
বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত জোৱান আৰু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হ’ব SRU। যিকোনো জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে বিশেষ অভিযানতো এই ইউনিটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
অসম আৰক্ষীৰ আধুনিকীকৰণৰ অংশ হিচাপে অত্যাধুনিক প্ৰযুক্তি আৰু সা-সঁজুলিৰে SRUক গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।
উল্লেখ্য যে, SRU গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে। এই নতুন ইউনিট সংযোজনৰ জৰিয়তে অসম আৰক্ষীৰ বিশেষ অভিযান আৰু জৰুৰীকালীন প্ৰত্যুত্তৰ ব্যৱস্থাত নতুন সংযোজন ঘটিব।
