শান্তিৰ সন্ধানঃ অচিৰেই সমাপ্তি ঘটিব ৰুছ ইউক্ৰেইন যুদ্ধৰ

✒️অচিন্ত্য শৰ্মা

বছৰৰ শেষত আশাৰ আলোক
শান্তিয়ে পাব পাৰে অপ্ৰত্যাশিত আমন্ত্ৰণ
সমাপ্তিৰ দিশলৈ ৰুছ ইউক্ৰেইন যুদ্ধ?

হয়, শান্তিৰ বাৰ্তা লৈ আহিব পাৰে নতুন বছৰ, ২০২৩চন। এই বৰ্ষতে সমাপ্ত হ’ব পাৰে ৰক্তক্ষয়ী ৰুছ-ইউক্ৰেইন যুদ্ধ। ইতিমধ্যে সংশ্লিষ্ট প্ৰতিটো পক্ষই এইক্ষেত্ৰত প্ৰকাশ কৰিছে নিজৰ নিজৰ ইতিবাচক মনোভাব। লক্ষণীয়ভাবে ৩০০দিন অতিক্ৰম কৰিছে এই অ-সম যুদ্ধই। যুদ্ধখনে মাতি অনা ধ্বংস আৰু মৃত্যুৱে ব্যৰ্থিত কৰি তুলিছে প্ৰতিজন সভ্য মানুহকে। চিন্তিত ৰাষ্ট্ৰনেতাসকলো। কাৰণ, এই যুদ্ধই সামৰিক, কূটনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পেলাব লগা চূড়ান্ত প্ৰভাবৰ বিষয়ে এতিয়াও সকলো অজ্ঞাত। আৰু এনে জটিল পৰিস্থিতিৰ মাজতে ৰুছিয়াই নতুনকৈ বঢ়াই তুলিছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ প্ৰাবল্য। এই বৰ্ষৰ ২২ ফ্ৰেব্ৰুৱাৰীত ৰুছিয়াৰ প্ৰবল আক্ৰমণৰ মাজেৰে ৰুছ-ইউক্ৰেইন যুদ্ধ আৰম্ভ হৈছিল যদিও আক্ৰমণক প্ৰাবল্য মাজত কিছুদিনৰ বাবে কমিছিল। কিন্তু শীতৰ প্ৰাবল্য আহি পৰাৰ লগে লগে মস্কো মহলে বঢ়াই তুলিছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ প্ৰাবল্যও। আৰু এনে জটিল পৰিস্থিতিৰ মাজতে শান্তিৰ সন্ধানত আমেৰিকালৈ উৰা মাৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনেস্কি।

বুধবাৰে হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইদেনৰ সৈতে এক দ্বি-পাক্ষিক বৈঠকত মিলিত হয় জোলনস্কি। বৈঠকৰ পিছতে উভয় ৰাষ্ট্ৰনেতাই যৌথভাবে সম্বোধন কৰে এক সংবাদমেল। সংবাদমেলত মুকলিকৈ ষোষণা কৰে ৰাষ্ট্ৰপতি বাইডেনে- ‘আমি দুয়োজনে বিচাৰো যে ৰুছ যুদ্ধ শেষ হওঁক। কিন্তু যুদ্ধ শেষ কৰিব পাৰিব ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেহে। যদিহে সঁচাকৈয়ে পুটিনে যুদ্ধখনৰ সমাপ্তি বিচাৰে, তেনেহ’লে মই তেওঁৰ লগত পোনপটিয়া আলোচনাত বহিবলৈকো প্ৰস্তুত আছো।’ বাইডেনৰ উক্ত ঘোষণাৰ পিছত শান্তি বাৰ্তাৰ প্ৰতি ইতিবাচক সঁহাৰি দিছে মস্কো মহলেও। এইক্ষেত্ৰত পুটিনে পুটিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে যুদ্ধৰ অৱসান তেৱোঁ বিচাৰে। কিন্তু শেষ হ’বলৈ হ’লে সমস্যাসমূহৰ এক বিকল্প কূটনৈতিক সমাধান ওলাব লাগিব। তাত্পৰ্যপূৰ্ণভাবে নাটোত ইউক্ৰেইনৰ সাম্ভাব্য অন্তৰ্ভুক্তি আৰু মাৰ্কিন নেতৃত্বাধীন সেই ঘটনা আংশকাৰ মুখত ৰুছ-ইউক্ৰেইন যুদ্ধ বা ইউক্ৰেইনৰ ওপৰত ৰুছিয়াৰ আক্ৰমণ আৰম্ভ হৈছিল। এনে পেক্ষাপটত যুদ্ধ সমাপ্তিৰ পূৰ্বচৰ্ত হিচাপে পুটিনে নিশ্চয় নাটোৰ সাংগাঠনিক আৰু সামৰিক স্থবিৰতা বিচাৰিব। লগেত বিচাৰিব পাৰে ইউক্ৰেইনৰ কিছুমান অঞ্চলৰ স্বাধীনতা আৰু কিছুমান অঞ্চলৰ ৰুছিয়াৰ লগত চামিলকৰণ। ইউক্ৰেইনত বসবাস কৰা ৰুছ মূলৰ লোকসকলৰ নিৰাপত্তাও নিশ্চিতভাবে হ’ব পুটিনৰ বাবে যুদ্ধ অৱসানৰ অন্যতম পূৰ্বচৰ্ত। একেধৰণৰ ইউক্ৰেইন পক্ষয়ো নিশ্চিতভাবে শান্তিপ্ৰক্ৰিয়াৰ পৰা কিছু বিচাৰিব। এইক্ষেত্ৰত জেলনস্কি বা পশ্চিমীয়া শক্তিসমূহে বিচাৰিব পাৰে সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ ক্ষতিপূৰণো। এনে অৱস্থাত কাৰ পূৰ্বচৰ্ত কাৰ বাবে কিমানদূৰ গ্ৰহণযোগ্য হ’ব, সেয়া এতিয়াও অনিশ্চিত। কিন্তু এটা কথা নিশ্চিত যে সঁচা অৰ্থত শান্তি বিচাৰিলে এৰা ধৰা প্ৰতিটো পক্ষইয়ে কৰিব লাগিব, কৰিব লাগিব কিছু আপোচ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...