ইছলামিক সন্ত্ৰাসবাদীৰ বাবে অপচন্দ শ্বেখ হাছিনাঃ কি হ’ব ২০২৩ত

✒️ অচিন্ত্য শৰ্মা

অহা বছৰ শেষৰফালে অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। কিন্তু এই নিৰ্বাচনৰ জৰিয়তে শ্বেখ হাছিনাক যেন তেনে উত্খাত কৰিবলৈ এতিয়াৰ পৰাই সক্ৰিয় হৈ উঠিব দেশখনৰ ইছলামিক মৌলবাদী চক্ৰ। সমান্তৰালভাবে বাংলাদেশত শক্তি বঢ়াইছে ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহেও, যিটো এতিয়া ভাৰতৰ বাবেও হৈ উঠিছে গভীৰ উদ্বেগৰ বিষয়। নতুন দিল্লী আৰু ঢাকাৰ হাতত পাৰ তথ্য অনুসৰি এতিয়াও বাংলাদেশত অত্যন্ত সক্ৰিয় হৈ উঠা দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আনছাৰ বাংলা টীমৰ একাংশ সন্ত্ৰাসবাদীয়ে ইতিমধ্যেই পশ্ছিমবংগ আৰু অসমৰ মাজেৰে ভাৰতৰ মাটিত নিজৰ ঘাটি বনোৱাৰ অপচেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে এই আনছাৰ বাংলা টীমৰ সন্ত্ৰসবাদীহঁতৰেই একাংশক আটক কৰিবলৈ সক্ষম হৈছে ভিন্ন ৰাজ্যৰ আৰক্ষী। তত্সত্বেও বাংলাদেশৰ আনছাৰ বাংলাই ভাৰতৰ বাবে নিৰাপত্তাজনিত প্ৰত্যাহ্বান থিয় কৰোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে। গুৰুত্বপূৰ্ণ কথা এয়ে যে আনছাৰ বাংলা টীম নামৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনটো। বাংলাদেশত জমাতুল মুজাহিদিন বাংলাদেশ, চমুকৈ জে এম বিৰ সক্ৰিয়তা ভাৰতৰ বাবে হৈ উঠিছে আন এক মূৰ কামোৰণি। অসম আৰু পশ্ছিমবংগ, উভয় ৰাজ্যত নিজৰ ঘাটি গঢ়ি তোলাৰ অপচেষ্টা চলাই আছে জেএমবিয়ে। একেদৰে বাংলাদেশত যোৱা কিছুদিনৰ পৰা সক্ৰিয়তা বৃদ্ধি কৰিছে নিঅ’জেএমবি নামৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱেও। আতংকজনক কথা য়ে নিঅ’জেএমবি হৈছে বিশ্বত্ৰাস ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছৰ এক শাখা আৰু ইয়াৰ নৃশংসতা তথা ভয়াবহতা আইছিছৰ সমানেই।

বাংলাদেশৰ উৰ্বৰ ভূমিত শেহতীয়াভাবে জন্মলাভ কৰিছে আন এক কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী সংগঠনে। জামাট উল হিন্দাল নামৰ এই সংগঠনটোৱে খুটি পুটিছে দেশখনৰ ছিটাগং পাৰ্বত্য অঞ্চলত। অলপতে বাংলাদেশৰ ৰেপিড একশ্যন বেটেলিয়নে সংগঠনটোৰ বিৰুদ্ধে চিটাগঙত বিশেষ এক অভিযান চলাইছিল যদিও সংগঠনটোক সম্পূৰ্ণৰূপে নিঃশেষ কৰিবপৰা নগ’ল। সেয়ে বাংলাদেশৰ লগতে ভাৰতৰ বাবেও এতিয়া সম্ভাব্য বিপদ, এই জামাতুল হিন্দাল শ্বাৰ্কিয়া। নতুন দিল্লীৰ বাবে এক মূৰ কামোৰণিৰ সৃষ্টি কৰি বাংলাদেশত থিতাপি লোৱা ৰোহিংগ্যা শৰণাৰ্থীহতেঁও শেহতীয়াভাবে শেহতীয়াভাবে বঢ়াই তুলিছে ভাৰতত অনুপ্ৰবেশৰ অপচেষ্টা। কস্কবাজাৰৰ উখিয়াস্থিত ৰোহিংগ্যা শিবিৰটোক হিংসাৰ অভিকেন্দ্ৰ হৈ উঠাৰ পৰিপেক্ষিততে তাৰপৰা জাকে জাকে মানুহ পলাইছে ভাৰত অভিমুখে। এনে ৩০টা ৰোহিংগ্যাক অলপতে কুমিল্লাত আটকো কৰা হৈছে। এই অপশক্তিসমূহৰ বৰ্দ্ধিত সক্ৰিয়তাৰ এক অন্যতম উল্লেখ্য যে শ্বেখ হাছিনাক পুনৰবাৰ ক্ষমতালৈ অহাত বাধা দিয়া, সেই কথা স্পষ্ট হৈ উঠিছে হিজবুট তাহৰিৰ নামৰ নিষিদ্ধঘোষিত সংগঠনটোৱে শেহতীয়াভাবে চলোৱা ব্যাপক পোষ্টাৰিঙত। এই পোষ্টাৰিঙৰ জৰিয়তে হিজবুট তাহৰিৰ ঘোষণা কৰিছে যে শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশৰ সাৰ্বভৌমত্ব বিপন্ন হৈছে আৰু সেয়ে হাছিনা চৰকাৰক উত্খাত কৰিব লাগে।

এনেদৰেই এতিয়া বাংলাদেশত চলিছে পৰবৰ্তী সাধাৰণ নিৰ্বাচনৰ জৰিয়তে হাছিনা চৰকাৰক উত্খাতৰ কুচকাৱাজ। বিপদ বাঢ়িছে বাংলাদেৰ, বিপদ বাঢ়িছে ভাৰতৰো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...