বাটলাৰ, সেহৱাগ, ৱাৰ্ণাৰৰ অভিলেখ ভংগ কৰিলে ৰিয়ান পৰাগে

চৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ানৰ চমক

সৰ্বাধিক ৰান সংগ্ৰকাৰীৰ দৌৰত শীৰ্ষত অসম সন্তান ৰিয়ান

দেওধৰ ট্ৰফীৰ পিছত যেন ঘূৰি চোৱা নাই অসম সন্তান ৰিয়ান পৰাগে। ভাৰতীয় ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দপদপনি অব্যাহত ৰিয়ান পৰাগৰ। ভাৰতৰ ঘৰুৱা T-20 প্ৰতিযোগিতাত যেন ৰানৰ পাহাৰ গঢ়িছে ৰিয়ানে। প্ৰতিযোগিতাখনত একেৰাহে ৬খন মেচত অৰ্জন কৰিছে অৰ্ধ-শতৰান। ভংগ কৰিছে ক্ৰিকেট বিশ্বৰ বহু নামি-দামী বেটাৰৰ অভিলেখ। আজি মুম্বাইত কেৰালাৰ বিৰুদ্ধে চৈয়দ মুস্তাক আলী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত অৰ্ধ-শতৰান অৰ্জন কৰি ৰিয়ানে গঢ়িলে নতুন অভিলেখ। আজিৰ এই অৰ্ধ শতকৰ বলত T-20 ক্ৰিকেটত একেৰাহে ৬খন মেচত অৰ্ধ-শতৰান কৰা প্ৰথমখনজন বেটাৰ হিচাপে পৰিগণিত হৈছে ৰিয়ান পৰাগ। পূৰ্বে T-20 ক্ৰিকেটত একেৰাহে ৫খন মেচত অৰ্ধ-শতৰান কৰিছিল সেহৱাগ, বাটলাৰে, ৱাৰ্ণাৰ, ডেভন কনৱে আৰু কামৰান আকমলৰ দৰে তাৰকাই। কেৰালাৰ বিৰুদ্ধে ৫৭ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়ত T-20 প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান অৰ্জন কৰা বেটাৰ তালিকাৰ শীৰ্ষত আছে ৰিয়ান। অকল বেটেৰে নহয়, বলিঙতো উজলি উঠিছে ৰিয়ানে। বৰ্তমানলৈকে মুস্তাক আলী ট্ৰফীত দখল কৰিছে ৯টাকৈ উইকেট। প্ৰতিযোগিতাখনত

৪৪০ ৰানেৰে বেটাৰৰ শীৰ্ষত ৰিয়ান

ইপিনে, এই জয়ৰ পিছতে চৈয়দ মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত স্থান পোৱাৰ আশা সজীৱ হৈছে অসমৰ। কেৰালাক পৰাস্ত কৰি পইণ্টছ তালিকাৰ দ্বিতীয় স্থানত আছে অসম। আনহাতে, IPLত দুৰ্বল প্ৰদৰ্শন দাঙি ধৰা ৰিয়ানে বিগত কিছু সময়ত ঘৰুৱা ক্ৰিকেটত খুব আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। সেয়া লাগিলে দেওধৰ ট্ৰফীয়ে হওক অথবা চৈয়দ মুস্তাক আলী ট্ৰফীয়ে হওক। ICC বিশ্বকাপৰ পিছত ভাৰতত অনুষ্ঠিত হ’ব লগা ৫খনীয়া T-20 শৃংখলাত ৰিয়ান পৰাগৰ স্থান লাভক লৈ চলিছে চৰ্চা। কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিশ্বকাপৰ পিছত অনুষ্ঠিত হ’ব লগা এই শৃংখলাত ভাৰতৰ মুখ্য খেলুৱৈসকলক দিয়া হ’ব বিশ্ৰাম। মুখ্য প্ৰশিক্ষক হিচাপে থাকিব ভি ভি এছ লক্ষ্মন। দলটোত থাকিব বহু নতুন খেলুৱৈ। সেয়েহে ভাৰতীয় দলত অসমীয়া হিচাপে প্ৰথমখন ক্ৰিকেটাৰ হিচাপে ৰিয়ান পৰাগে স্থান লাভৰ সুযোগক লৈ চলিছে চৰ্চা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...