নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত প্ৰদৰ্শিত বিহু

হাজাৰ-বিজাৰ ঋণাত্মক খবৰৰ মাজতে, আমালৈ আহে কিছু ভাল খবৰ। খবৰৰ মাজত লুকাই থাকে সেই খবৰবোৰ। তেনে এটা খবৰ আপোনাক দিব বিচাৰিছোঁ। বিশ্ব বিখ্যাত এখন ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত হৈছে অসমীয়াৰ আপোন সুৰ। জিলিকি উঠিছে এজন আপোন শিল্পী। খবৰ আহিছে নিউয়ৰ্কৰ পৰা।

এখন ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত হৈছে বিশেষ দৃশ্য
নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত প্ৰদৰ্শিত বিহু
বিশাল ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত পাপনৰ বিহু
‘BHOOMI’ শীৰ্ষক প্ৰজেক্টত ন ৰূপত সজোৱা হৈছিল বিহুক
আফ্ৰিকান আৰু অসমীয়া ভাষাৰ সমন্বয় ঘটিছিল গীতটোত
এগৰাকী আফ্ৰিকান কণ্ঠশিল্পীৰ সৈতে পাপনে গাইছিল ‘এফ্ৰ’ বিহু’
ইতিমধ্যে সৰ্বত্ৰ জনসমাদৃত হৈছে গীতটো

আপোনাৰ, মোৰ আপোন আপোন যেন লগা বিহুৰ সুৰ। অসমৰ তথা অতি সম্প্ৰতি বলীউডৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী পাপন। এতিয়া আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে যে এই ডিজিটেল হৰ্ডিঙখনত প্ৰকাশ পোৱা এই খবৰটো বিশেষ কিয়। এই দৃশ্য ক’ত প্ৰদৰ্শিত হৈছে আপুনি জানেনে?
নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত প্ৰদৰ্শিত এই দৃশ্য
বিশাল ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত পাপনৰ বিহু
‘BHOOMI’ শীৰ্ষক প্ৰজেক্টত ন ৰূপত সজোৱা হৈছিল বিহুক

উল্লেখ্য যে, সংগীত পৰিচালক ছেলিম মাৰ্চেণ্টৰ BHOOMI শীৰ্ষক এক প্ৰজেক্টত গীত গাইছিল পাপনে। পূৰ্বতেও বহুকেইটা হিট নাম্বাৰ্ছ দিয়া এই প্ৰজেক্টৰ এইবাৰৰ এইটি নৱতম গীত ইবাচি। আফ্ৰিকান আৰু অসমীয়া ভাষাৰ সমন্বয় ঘটিছিল গীতটোত।

এগৰাকী আফ্ৰিকান কণ্ঠশিল্পীৰ সৈতে পাপনে গাইছিল ‘এফ্ৰ’ বিহু’
ইতিমধ্যে, সৰ্বত্ৰ জনসমাদৃত হৈছে গীতটো। এইবাৰ টাইমছ স্কোৱেৰত বাজিল সেই বিশেষ বিহুটি। জিলিকি উঠিল অসম সন্তান পাপন। বাজি উঠিল অসমীয়াৰ আপোন সুৰ। টাইমছ স্কোৱেৰত এইদৰে বিহু আৰু এজন অসমীয়াক একেদৰে দেখি উত্ফুল্লিত অসমবাসীৰ লগতে BHOOMI প্ৰজেক্টেৰে জড়িত কলা কুশলীসকল। হাজাৰ বিজাৰ ঋণাত্মক খবৰৰ মাজতে ই নিশ্চয়কৈ আমাৰ বাবে এক ভাল খবৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...