দুৰ্গতিনাশিনীৰ বিসৰ্জনৰ পিছতে লুইতৰ দুৰ্গতি আৰম্ভ

দুৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ পিছতে দুৰ্গতি আৰম্ভ হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ। ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে আসমৰ আয়ুসৰেখা বৰলুইত। ‘দেৱী মা’ৰ মূৰ্তিৰ প্লাষ্টিক, থাৰ্ম’কল, ৰাসায়নিক দ্ৰব্যৰে ভৰি পৰা ব্ৰহ্মপুত্ৰৰ পাৰত অবৰ্ণনীয় পৰিবেশ। প্ৰদূষণৰ মাত্ৰা জুখি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আৰু ৰাজপত্ৰিত অধিসূচনা জাৰি কৰি দায়িত্ব সামৰিছে ৰাজ্যৰ চৰকাৰ-প্ৰশাসনে। আৰু স্বাভাবিকতেই ব্ৰহ্মপুত্ৰৰ প্ৰদূষণকলৈ তিলমাত্ৰও ভ্ৰূক্ষেপ নাই সাধাৰণ ৰাইজৰ।

দুৰ্গতিনাশিনীৰ বিসৰ্জনৰ পিছতে লুইতৰ দুৰ্গতি আৰম্ভ
ভয়ংকৰ প্ৰদূষণৰ কবলত মহাবাহু ব্ৰহ্মপুত্ৰ
প্লাষ্টিক, থাৰ্ম’কল, ৰাসায়নিক দ্ৰব্যৰে ভৰিছে লুইতৰ পানী
নিৰ্দেশ জাৰি কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰ-প্ৰশাসনে
প্ৰদূষণৰ মাত্ৰা জুখি দায়িত্ব সামৰিছে PCB য়ে
লুইতৰ প্ৰদূষণক লৈ ভ্ৰূক্ষেপ নাই সাধাৰণ ৰাইজৰ

ব্ৰহ্মপুত্ৰৰ পাৰত অবৰ্ণনীয় পৰিৱেশ
দুৰ্গতিনাশিনীৰ বিসৰ্জনৰ পিছতে আৰম্ভ লুইতৰ দুৰ্গতি
ব্ৰহ্মপুত্ৰৰ জলচৰ প্ৰাণীলৈ ভয়াবহ সংকট

লুইতৰ পাৰলৈ গৈছে গুৱাহাটীৰ অভিজাত নাগৰিক
পলিথিনত জাৱৰৰ টোপোলা পেলাই সেৱা কৰিছে

NKTVৰ কেমেৰাত বন্দী এটা বিশেষ দৃশ্য। দেউতাকৰ হাতত ধৰি ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছে এটি কণমানি শিশু। দেউতাকে পুত্ৰৰ হাতত তুলি দিছে জাৱৰ ভৰ্তি পলিথিনৰ টোপোলা। টোপোলাটো ব্ৰহ্মপুত্ৰত দলিয়াই সেৱা কৰিছে দুয়ো। সম্ভৱতঃ পূজাৰ সামগ্ৰী আছিল পলিথিনটোত। দেউতাকে লুইতত জাৱৰ পেলাবলৈ শিকাইছে পুত্ৰক।

সকলোৱে পেলায়, মইও পেলাই দিছোঁ। জাঁৱৰৰ পলিথিনেৰেই ভৰি আছে দেখোন ব্ৰহ্মপুত্ৰ। নিৰ্বিকাৰ ভাবে NKTVৰ সাংবাদিকক উত্তৰ দি গ’ল গুৱাহাটীৰ অভিজাত নাগৰিকে। এজন এজনকৈ বহুজনৰ দৃশ্য বন্দী হ’ল NKTVৰ কেমেৰাত।

গুৱাহাটীৰ মাজেৰে বৈ যোৱা অসমীয়াৰ আয়ুসৰেখা স্বৰূপ বৰ লুইতৰ পাৰত এয়া নিত্য নৈমিত্তিক দৃশ্য। এওঁলোকৰ দ্বৰেই শত-সহস্ৰজনে নিৰ্বিকাৰ নিৰুদ্বেগ চিত্তে আহি জাঁৱৰৰ টোপোলা দলিয়াই থৈ যায় ব্ৰহ্মপুত্ৰৰ বুকুত। কিন্তু বিজয় দশমীত দু্ৰ্গতিনাশিনী মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ পিছৰে পৰা ব্ৰহ্মপুত্ৰৰ পাৰত আৰু বুকুত অবৰ্ণনীয় পৰিবেশ। লাচিত ঘাটত বৰ লুইতৰ বুকু আৰু পাৰত দুৰ্গাৰ প্ৰতিমা, প্লাষ্টিক, থাৰ্ম’কল আৰু ৰাসায়নিক দ্ৰব্যৰ আৱৰ্জনাই ভয়ানক পৰিবেশৰ সৃষ্টি কৰিছে। চাৰিওফালে কেৱল আৱৰ্জনা, আৱৰ্জনা আৰু আৱৰ্জনা। কাছমাৰী ঘাটৰ এই পৰিবেশৰ বিপৰীতে গুৱাহাটীৰ পাণ্ডু ঘাটৰ দৃশ্য সম্পূৰ্ণ বিপৰীত। প্ৰতিমা বিসৰ্জনৰ দিনাই গুৱাহাটী পৌৰ নিগমৰ জাঁৱৰ পেলোৱা ডাম্পাৰেৰে তুলি নিয়া হ’ল পূজাত ব্যৱহৃত প্লাষ্টিক, থাৰ্ম’কলৰ সামগ্ৰী। পাণ্ডু ঘাটৰ এতিয়াৰ পৰিবেশ সম্পূৰ্ণ পৰিস্কাৰ। কিন্তু এই কাম কাছমাৰী ঘাটত নহ’ল।

দুৰ্গা পূজাৰ পূৰ্বেই পৰিবেশ অনুকূল পূজাৰ বাবে চৰকাৰে জাৰি কৰিছিল ৰাজপত্ৰিত অধিসূচনা। পৰিবেশ প্ৰতিকূল সামগ্ৰী ব্যৱহাৰ কৰিলেই জৰিমনা হ’ব। কিন্তু একাংশই নুশুনিলে প্ৰশাসনৰ আহ্বান।

পঞ্চায়ত এলেকাৰ নিয়ম নমনা কমিটিৰ বাবে ৩ হাজাৰ টকা জৰিমনা। পৌৰসভা এলেকাৰ নিয়ম নমনা কমিটিৰ বাবে জৰিমনা ৫ হাজাৰ টকা আৰু পৌৰ নিগম এলেকাৰ বাবে জৰিমনা আছিল ৭ হাজাৰ টকা। দশমীত প্ৰতিমা বিসৰ্জনৰ পিছত বৰ লুইতৰ এই অৱস্থা। গুৱাহাটীৰ ৮ টাকৈ ঘাটত হৈছিল প্ৰতিমা বিসৰ্জন। এয়া কেৱল কাছমাৰী ঘাটৰ দৃশ্য। গুৱাহাটীকে ধৰি সমগ্ৰ কামৰূপত এইবেলি অনুষ্ঠিত হৈছিল প্ৰায় ১২০০ সৰু-বৰ দুৰ্গা পূজা। সমগ্ৰ ৰাজ্যতে হোৱা দেৱী বিসৰ্জনৰ পিছত সামগ্ৰিক পৰিবেশ আৰু ইয়াৰ পৰা হ’ব পৰা ক্ষতিৰ পৰিমাণ চিন্তা কৰক। এতিয়া কাক কেনেকৈ জৰিমনা বিহিব চৰকাৰে?

বিজয়া দশমীৰ দিনাও প্ৰতিমা বিসৰ্জনৰ পূৰ্বে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিশেষজ্ঞই সংগ্ৰহ কৰিছিল ব্ৰহ্মপুত্ৰৰ পানীৰ নমুনা। আৰু বিসৰ্জনৰ পিছতো সংগ্ৰহ কৰা হৈছে পানীৰ নমুনা। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অত্যাধুনিক পৰীক্ষাগাৰত চলি আছে সংগ্ৰিহীত পানীৰ নমুনাৰ পৰীক্ষা। এসপ্তাহ পিছতহে নিশ্চিত হ’ব দশমীত কিমান প্ৰদূষিত হ’ল ব্ৰহ্মপুত্ৰৰ পানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...