চৰকাৰী উন্নয়নৰ শ্লগানৰ চূড়ান্ত প্ৰহসন

চৰকাৰী উন্নয়নৰ শ্লগানৰ চূড়ান্ত প্ৰহসন
চহবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাই উদঙালে চৰকাৰৰ স্বৰূপ
জৰাজীৰ্ণ বাঁহৰ দলং ভাঙি নদীত পৰিল ৪০ ছাত্ৰ-ছাত্ৰী
সংকটজনক অৱস্থাত চিকিৎ‍সাধীন ৫ শিক্ষাৰ্থী
শিক্ষাৰ্থী জীৱনৰ সৈতে খেলা হেতালীক লৈ চৰকাৰক স্পষ্টীকৰণৰ দাবী

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল অসমত নাথাকে এখনো কাঠৰ দলং। সততে বিজেপিৰ নেতা মন্ত্ৰীৰ মুখত আখৈ ফুটা দি ফুটে চৰকাৰী উন্নয়নৰ কথা। কিন্তু বাস্তৱত হৈছে কি চাওক। বছৰ বছৰ ধৰি জনপ্ৰতিনিধি তথা চৰকাৰৰ অৱহেলাৰ বাবে আজিও পাণ্ডৱ বৰ্জিতৰ দৰে অৱস্থা জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চহবাৰীৰ। কাৰণ স্বাধীনতাৰ ৭৭ বছৰ পিছতো অঞ্চলটোত নহ’ল এখন পকী দলং। চৰকাৰে একো নকৰাত অসহায় ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছিল এখন বাঁহৰ দলং। কিন্তু বৃহস্পতিবাৰে পুৱাই সেই দলংখনো ভাগি পৰিল। পুৱাই অঞ্চলটোৰ একাংশ শিক্ষাৰ্থী বিদ্যালয়লৈ বুলি ওলাই আহি বাঁহৰ দলংখনত উঠোতেই ভাগি পৰে দলংখন। দলংভাগি নদীত পৰি যায় শিক্ষাৰ্থীসকল। লগে লগে সৃষ্টি হয় অৱৰ্ণনীয় পৰিস্থিতিৰ। স্থানীয় ৰাইজে তৎ‍পৰতাৰে শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎ‍সালয়লৈ।

ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ২০ গৰাকী ছাত্ৰ ছাত্ৰী আহত হয় যদিও
গুৰুতৰভাৱে আহত হয় ৫ শিক্ষাৰ্থী

ততাতৈয়াকৈ আহত সকলক ভৰ্তি কৰোৱা হয় চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত। সংকটজনক কেইবাগৰাকীও শিক্ষাৰ্থীক উন্নত চিকিৎ‍সাৰ বাবে প্ৰেৰণ কৰা হয় ধেমাজি অসামৰিক চিকিৎ‍সালয়লৈ। নিৰ্বাচনৰ সময়ত বসন্তৰ কুলিৰ দৰে অঞ্চলটোলৈ ভোট বিচাৰি আহে জনপ্ৰতিনিধি। প্ৰতিশ্ৰুতি দিয়ে এখন পকী দলং নিৰ্মাণৰ। কিন্তু নিৰ্বাচন গ’লেই সকলো পৰিণত হয় ফুটুকাৰ ফেনত। আৰু চৰকাৰ, প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিৰ অৱহেলা, অকৰ্মন্যতাত বৃহস্পতিবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। পুনৰ যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে এই স্থানত এখন পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ আহ্বান ।ইফালে স্বাধীনতাৰ পিছৰে পৰা অধিকাংশ সময় শাসনত থাকিও এই অঞ্চলটোৰ উন্নয়নত গুৰুত্ব নিদিলে কংগ্ৰেছ দলেও। কিন্তু বৃহস্পতিবাৰৰ দুৰ্ঘটনাৰ পিছতে সৰব হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা। এনে দুৰ্ভাগ্যজনক ঘটনাৰ বাবে বিজেপি চৰকাৰক স্পষ্টীকৰণ দিয়াৰ দাবী জনালে বৰাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...