কাজিৰঙাৰ নান্দনিক দৃশ্য চাবলৈ পৰ্যটকৰ আগমন

আৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ
কাজিৰঙাৰ নান্দনিক দৃশ্য চাবলৈ পৰ্যটকৰ আগমন
জাহাজেৰে আহি শিলঘাট পালে বিদেশী পৰ্যটক
চাহ বাগিছাৰ মাজত তাল মিলালে ঢোলৰ চাপৰত

ইতিমধ্যে দেশী বিদেশী বহু পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙালৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ ব্ৰহ্মপুত্ৰৰে এম বি মহাবাহুৰে শিলঘাটলৈ আহিল এইবৰ্ষৰ প্ৰথমটো বিদেশী পৰ্যটকৰ দল। কলিয়াবৰৰ শিলঘাটত উপস্থিত আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ ৮জনীয়া পৰ্যটকৰ এটি দল। জাহাজত উঠি পৰ্যটকে ল’লে জলবিহাৰৰ সোৱাদ। উপভোগ কৰিলে ভৰা লুইতৰ নৈসৰ্গিক শোভা। পুৱা ৬ বজাতে আৰম্ভ হ’ল যাত্ৰা। জীপ চাফাৰী কৰি আহি কলিয়াবৰ বাগান পালে পৰ্যটকৰ দল। এয়া কলিয়াবৰৰ চাহ বাগিছাৰ দৃশ্য।

ঢোলৰ চাপৰত তাল মিলাবলৈ প্ৰয়াস বিদেশী ৰমণীৰ। বিহু নৃত্য চাই আনন্দিত হৈ পৰা পৰ্যটকৰ দলটিয়ে তাৰপাছতে পৰিদৰ্শন কৰে অসম সমবায় মৰাপাট কল। পৰ্যটনৰ ক্ষেত্ৰৰ সঠিক মূল্যায়ণে কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনীয়তাক দুগুণে বঢ়াব বুলি আশাবাদী স্থানীয় লোক। আয়াৰলেণ্ড আৰু বিট্ৰেইনৰ ৮জনীয়া পৰ্যটকৰ দলটি কুকুৰাকটাত থাকি বিশ্বনাথলৈ যাব। অনাগত সময়ত আৰু অন্যান্য দেশৰ পৰাও আহিব পৰ্যটক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...