ভৰুণ আঘোণলৈ আৰু কিছু পৰ বাকী…পকাধানে ৰিঙিয়াই মাতিছে সবাকে গাভৰু পথাৰলৈ

ঢকুৱাখনাত আঘোণৰ পূৰ্বেই সোণোৱালী শইছ চপোৱাত ব্যস্ত দাৱনী। প্ৰাণচঞ্চলা দাৱনীৰ হাতৰ কাঁচিত মুঠি বান্ধিছে আই-পিতাইৰ সপোন। আঘোণৰ প্ৰাকক্ষণত এতিয়া ঢকুৱাখনাৰ পথাৰে পথাৰে উচাহৰ ঢল। পুৰুষ মহিলাই আনন্দ উলাহৰ মাজেৰে চপাইছে ধান। ঢকুৱাখনাৰ পথাৰত এইবাৰ ভাল হৈছে ধান। সেয়ে দাৱনীৰ মুখত আনন্দৰ গান গীতে-মাতে ৰঙীন হৈছে পকা ধানৰ পথাৰ। মিছিং মহিলাসকলে ঐনিতম গাই আনন্দ স্ফূৰ্তিৰে আঁতৰাইছে শাওনৰ ভাগৰ। জুতি লৈছে পৰম্পৰাগত পানীয় পৰ:আপং, ন:গিন আপঙৰ।

পৰিসৰত বিশাল খেতিডৰা চপাবলৈ ওচৰ–চুবুৰীয়াই পৰস্পৰে সহায় কৰে পৰস্পৰক। দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল। বেলিটি মূৰতে লৈ বিৰিয়াত কঢ়িয়াইছে চহকী সপোন। এয়া ঢকুৱাখনাৰ পথাৰত লখিমীক ঘৰলৈ কঢ়িয়াই নিয়াৰ উলাহ। এয়া চহা কৃষকৰ চোতালে–ভড়ালে সমৃদ্ধ কৰাৰ আন্তৰিক অভিলাষ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...