ভাৰতীয় দলত স্থান লাভৰ বিষয়ক লৈ বিশেষ চিন্তা কৰা নাই ৰিয়ানে

এইসময়ত ধাৰাবাহিকতা ৰক্ষা কৰি ৰাজস্থান ৰয়েলছক বিজয় কৰোৱাহে মূল লক্ষ্য অসম সন্তানৰ

ট্ৰলিঙৰ সন্মুখীন হোৱাটো স্বাভাৱিকতে সহজ কথা নহয়। কিন্তু ৰিয়ান পৰাগৰ ক্ৰিকেট যাত্ৰাত যুৱ তাৰকাজনে ট্ৰলিঙৰ ধুমুহা সহ্য কৰিব লগা হৈছিল৷ ছ’চিয়েল মিডিয়াত নিৰ্দয় সমালোচনা, হেভি ডিউটি ট্ৰলিং আৰু মিম-ফেষ্টৰ আমন্ত্ৰণ জনোৱা পূৰ্বৰ ছিজনসমূহত ৫৪ খন মেচৰ পৰা মাত্ৰ ৬০০ ৰান সংগ্ৰহ কৰাৰ পিছত ৰিয়ানে চলিত আই পি এলত বিস্ফোৰণ ঘটাইছে৷ এতিয়ালৈকে ৬খন মেচত ২৮৪ ৰান লাভ কৰা ৰিয়ান সৰ্বাধিক ৰাণ কৰাৰ তালিকাত বিৰাট কোহলীৰ পিছতে দ্বিতীয় স্থানত আছে৷

অৱশেষত ৰিয়ানে বুজি পাইছে যে, ২২ গজৰ বাহিৰৰ জীৱনৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে৷ ‘ক্ৰিকেটৰ বাহিৰৰ জীৱনটোৱে সঁচাকৈয়ে আপোনাক প্ৰভাৱিত কৰে আৰু সেইটোৱেই মোৰ কেৰিয়াৰত এটা ডাঙৰ অংশ হ’ল৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মই ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰো৷ আচলতে মোৰ আৰম্ভণি ভাল হোৱা নাছিল, মই বহুত কথা হৃদয়ত লৈছিলো, যিবোৰ মোৰ বিষয়ে কোৱা হৈছিল৷ যিয়েই নহওক কিয়৷ মই মাত্ৰ বুজিব লাগিছিল যে মোৰ বাবে কি গুৰুত্বপূৰ্ণ, কাৰ মতামত মোৰ বাবে গুৰুত্বপূৰ্ণ আৰু মই সেইটো বুজিলোঁ অৱশেষত আৰু সেইটোৱে সহায় কৰিছে৷’ মঙলবাৰে ইডেন গাৰ্ডেনত কেকেআৰৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ খেলৰ পূৰ্বে সংবাদ মেলত এইদৰে কয় ৰিয়ানে৷

ইফালে, আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত সম্ভাৱ্য খেলুৱৈ হিচাপে ৰিয়ানৰ নামো চৰ্চালৈ আহিছে৷ এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় ‘মই সঁচাকৈয়ে ইয়াৰ বিষয়ে চিন্তা কৰা নাই৷ আচলতে এইসময়ত মই আনন্দিত যে মই যি কৰি আছো তাক লৈ৷ মই মাত্ৰ এয়া আগবঢ়াই নিব বিচাৰো৷ দলৰ বাবে কেনেকৈ অধিক মেচ জয় কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিব বিচাৰো৷ কাৰণ সেয়া অধিক গুৰুত্বপূৰ্ণ৷’

ইফালে, মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই ৰিয়ানৰ বেটিং ক্ৰম উন্নত কৰা সন্দৰ্ভত ক্ৰিকেটাগৰাকীয়ে কয় ‘ক্ৰিকেটৰ ফালৰ পৰা মই ভাবো চতুৰ্থ নং স্থানত খেলাটো মোৰ বাবে প্ৰত্যাহ্বান নহয়৷ মই ঘৰুৱা ক্ৰিকেটত বিভিন্ন পৰিস্থিতিত খেলিছো৷ আচলতে এইদিশত মই অভ্যস্ত৷ কিন্তু এইবাৰ আৱেগিক আৰু দক্ষতাৰ ফালৰ পৰা দুয়োটাৰে মিশ্ৰণ হৈ গৈছে৷ মই অনুভৱ কৰো যে মই দলটোলৈ এইবাৰ বহুত অৰিহণা যোগাইছো আৰু যোৱা কেইবছৰমানৰ পৰা মই সেইটোৱেই কৰিবলৈ চেষ্টা কৰি আহিছো৷ এইবাৰ হৈছে আৰু মই মাত্ৰ সেইটো আগবঢ়াই নিব বিচাৰো৷’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...