মহানগৰীত “ন’ ফ্লাই আৰু ন’ ক্ৰেকাৰ জ’ন” ঘোষণা জিলা দণ্ডাধীশৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৬ আৰু ১৭ এপ্ৰিলৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কিছু নিৰ্দিষ্ট পথত “ন’ ফ্লাই জ’ন আৰু ন’ ক্ৰেকাৰ জ’ন” হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে। এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ গৰাকীয়ে সদৰি কৰা মতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা জালুকবাৰী-মালিগাঁও-ভৰলুমুখ-পাণবজাৰ- জিএছ ৰোড- ছয়মাইল হৈ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব। আনহাতে, উল্লেখিত পথসমূহৰ লগতে কইনাধৰা অতিথিশালা এলেকাত দ্ৰোণ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ট্ৰাম্পৰ অদ্ভুত প্ৰস্তাৱ গুগললৈ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰখাৰ পৰিকল্পনা

মানচিত্ৰত নিজৰ নাম জিলিকোৱাৰ পৰিকল্পনা! আটলাণ্টিক মহাসাগৰৰ নাম সলনি...

পুৰণি শত্ৰুতাৰ ভয়ংকৰ পৰিণতি; যুৱকক গাড়ীৰ খিৰিকীত হাত আবদ্ধ কৰি চলালে গাড়ী, কানপুৰত যুৱকৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰৰ হনুমন্ত বিহাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত...