ডিচেম্বৰৰ শেষৰ ফালে পুনৰ আৰম্ভ হ’ব দেশৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বুধবাৰে সদৰী কৰা অনুসৰি অচিৰেই ভাৰতে নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল পুনৰ আৰম্ভ কৰিব। এই বৰ্ষৰ শেষৰ ফালে ক’ভিডৰ বাবে বন্ধ হৈ থকা আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল আৰম্ভ কৰা হ’ব বুলি এক ইংগিত দিয়ে অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে অহা পাঁচৰ পৰা সাত বছৰৰ ভিতৰত দেশৰ বিমানবন্দৰৰ সংখ্যা দুগুণ কৰি ভাৰতৰ বিমান খণ্ডৰ বৃহৎ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এক অনুষ্ঠানত কৈছিল যে তেওঁৰ মন্ত্ৰালয়ে দেশৰ বিমানবন্দৰৰ সংখ্যা ১৩৬ৰ পৰা ২২০ লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...