বেজী ল’বলৈ ভয় কৰে নেকি? বজাৰত অচিৰেই বেজী-মুক্ত ক’ভিড-১৯ ভেকছিন

Zydus Cadilaৰ বেজী-মুক্ত ক’ভিড-১৯ ভেকছিন অহা মাহত ভাৰতৰ টিকাকৰণ কাৰ্যসূচীৰ বাবে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। ZyCoV-D নামৰ ভেকছিনটোক আগষ্টত ১২ বছৰৰ ওপৰৰ সকলক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন প্ৰদান কৰা হৈছিল যদিও এতিয়াও বজাৰত উপলব্ধ হোৱা নাই ভেকছিনবিধ। ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কাৰ্যসূচীত ভেকছিনটো অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে – ২৮ দিনৰ ব্যৱধানত তিনিটা পালিত প্ৰদান কৰা হ’ব Zydus Cadila। জানিব পৰা অনুসৰি, ভাৰতত শিশুৰ বাবে টিকাকৰণ জানুৱাৰীত আৰম্ভ হ’ব পাৰে।

Zydusৰ পৰিচালন সঞ্চালক শৰ্ভিল পেটেলে পূৰ্বতে কৈছিল যে, কোম্পানীটোৱে অক্টোবৰৰ ভিতৰত ভেকছিনটোৰ ১০ নিযুত পালি আৰু জানুৱাৰী ২০২২ৰ ভিতৰত ৪০-৫০ নিযুত পালি প্ৰস্তুত কৰিব পাৰে। চৰকাৰে প্ৰতিটো পালিত ২৬৫ টকাত ভেকছিনটো ক্ৰয় কৰি আছে, কৰ বাদ দি, আৰু বেজী-মুক্ত এপ্লিকেটৰটো প্ৰতি পালিত ৯৩ টকাত ক্ৰয় কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৫ বছৰৰ পাছত টিম কুকৰ বিদায়, Appleৰ নতুন CEO কোন হ’ব?

প্ৰযুক্তি জগতৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান Appleত আহিছে এক গুৰুত্বপূৰ্ণ...

ভাৰতীয় পৰ্যটকৰ বাবে সু-খবৰ, ৩০ দিনলৈ ভিছামুক্ত প্ৰৱেশৰ ঘোষণা উজবেকিস্তানত

ভাৰতীয় পৰ্যটকৰ বাবে ডাঙৰ সুখবৰ। এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে...