সপোন পূৰণ হ’ব নেকি RCBৰ অনুৰাগীৰ?

প্ৰথমবাৰলৈ IPLৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ব নেকি ফেফ বাহিনী?
পইন্টছ তালিকাত ক্ৰমান্বয়ে আগবাঢ়িছে বেংগালুৰুৰ দল
একেৰাহে ৩খন মেচত জয়লাভ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

IPLত হাই প্ৰফাইল দল বুলি ক’লে তিনিটাকৈ দলৰ কথা অনুৰাগীৰ মনলৈ সদায় আহে। চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। অৱশ্যে, এই তিনিটা দলৰ ভিতৰত কেৱল দুটা দলেহে লাভ কৰিছে IPL ট্ৰফী। চেন্নাই আৰু মুম্বাই দুয়োৱে ৫ বাৰকৈ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। আনহাতে, IPLৰ ইতিহাসত এতিয়ালৈ এবাৰো ট্ৰফীৰ কাষ চাপিব পৰা নাই যদিও অনুৰাগীসকলৰ মাজত RCBৰ আছে জনপ্ৰিয়তা। চলিত ছিজনত প্ৰথম কেইখন মেচত ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাছিল বেংগালুৰুৰ দলটো। এইবাৰো যেন প্লে অফলৈ যোৱাৰ সপোন সপোনেই হৈ থাকিব… তেনে ধাৰণা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ একেৰাহে ৩খন মেচত জয়লাভ কৰাৰ পিছত এতিয়াও প্লে অফত স্থান লাভ কৰাৰ সুযোগ সজীৱ হৈ আছে RCBৰ। শনিবাৰে বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত গুজৰাটৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ কৰে RCBয়ে।

১৩.৪ অভাৰতে খেলখনত জয়লাভ RCBৰ
১১খন মেচত ৪খনত জয়লাভ কৰি পইন্টছ তালিকাৰ সপ্তম স্থানত আছে RCB
১১খনৰ ৭খনতে পৰাজয়বৰণ কৰিছে বেংগালুৰু

প্লে অফৰ যুঁজত থাকিবলৈ বাকী থকা ৩খন মেচতে জয়লাভ কৰিব লাগিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দলটোৱে। আনহাতে, কলকাতা, লক্ষ্ণৌ, হায়দৰাবাদ, দিল্লী আৰু চেন্নাইৰ পৰাজয়ৰ কামনা কৰিব লাগিব বেংগালুৰুৰ অনুৰাগীসকলে। IPLৰ অন্তিমভাগত আকৰ্ষনীয় মেচৰ বাবে এতিয়া অপেক্ষাৰত ক্ৰিকেট অনুৰাগী। RCB, KKR, নে CSK কোনে লাভ কৰিব প্লে অফৰ টিকট? হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...