ৰাজ্যপালৰ যৌন কেলেংকাৰিৰ অভিযোগৰ তদন্ত!

ৰাজ্যপালৰ যৌন কেলেংকাৰিৰ অভিযোগৰ তদন্ত!
পশ্চিমবংগ আৰক্ষীয়ে বিচাৰিছে ৰাজভৱনৰ CCTV ফুটেজ
তদন্তৰ বাবে গঠন কৰা হৈছে Special Enquiry Team (SET)

পশ্চিমবংগৰ ৰাজ্যপাল চিভি আনন্দ ‍‍বসুৰ বিৰুদ্ধে উঠা অভিযোগক লৈ তোলপাৰ হৈ আছে ৰাজ্যখন। দেশ জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ মাজতে পশ্চিমবংগ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে ৮ জনীয়া স্পেচিয়েল ইনকুৱাৰী টিম।

উপ-আৰক্ষী আয়ুক্ত ইন্দিৰা মুখাৰ্জীৰ নেতৃত্বত গঠন SET
ৰাজভৱনৰ CCTV ফুটেজ বিচাৰি ভাৰপ্ৰাপ্ত বিষয়ালৈ পত্ৰ প্ৰেৰণ
তদন্তৰ বাবে SETৰ একাধিক সদস্যও যায় ৰাজভৱনলৈ
ৰাজভৱনৰ বহু কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে তদন্তকাৰী দলটোৱে

পশ্চিমবংগ চৰকাৰৰ এনে তৎপৰতাৰ মাজতে ৰাজ্যপাল চিভি আনন্দ বসুয়ে এৰিলে কলকাতা।
কেৰালাৰ কোচি গৈ উপস্থিত হ’ল ৰাজ্যপাল বসু
কলকাতালৈ ৰাজ্যপাল কেতিয়া উভতিব সেয়াও স্পষ্ট নহয়

ঘটনাৰ মূল অভিযোগকাৰী ৰাজভৱনৰ অস্থায়ী মহিলা কৰ্মীগৰাকীকো লালবজাৰ আৰক্ষীয়ে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। কৰ্মসূত্ৰে ৰাজভৱনৰ অতিথিশালাতে আছিল মহিলা কৰ্মচাৰীগৰাকী। বৃহস্পতিবাৰে মহিলা কৰ্মচাৰীগৰাকীয়ে ৰাজ্যপালৰ বিৰুদ্ধে আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ। হেয়াৰ ষ্ট্ৰিট থানাত গোচৰ দি মহিলাগৰাকীয়ে দাবী কৰে- ২৪ এপ্ৰিল আৰু দুই মে’ত যৌন নিৰ্যাতন চলাইছিল ৰাজ্যপাল বসুয়ে!

নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ আহি প্ৰধানমন্ত্ৰীয়ে ৰাজভৱনত নিশা কটাইছিল। কিন্তু প্ৰধানমন্ত্ৰী ৰাজভৱনত উপস্থিত হোৱাৰ কিছু সময়ৰ পূৰ্বে মহিলাগৰাকীয়ে হেয়াৰ ষ্ট্ৰিট থানাত উপস্থিত হৈছিল। মহিলা কৰ্মচাৰীগৰাকীৰ অভিযোগে এতিয়া গৰম কৰিছে পশ্চিমবংগৰ ৰাজনীতি। বিজেপি আৰু বাওপন্থীয়ে অৱশ্যে এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সন্দেহ কৰিছে। মহিলাগৰাকীৰ মাতৃয়ে একালত তৃণমূল কংগ্ৰেছৰ পৰা স্থানীয় নিকাইৰ নিৰ্বাচন খেলিছিল। কিন্তু TMC–ৰ প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত হ’লেই যৌন নিৰ্যাতন লঘূ হৈ যাব নেকি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...