ৰাজ্যপালৰ যৌন কেলেংকাৰিৰ অভিযোগৰ তদন্ত!

ৰাজ্যপালৰ যৌন কেলেংকাৰিৰ অভিযোগৰ তদন্ত!
পশ্চিমবংগ আৰক্ষীয়ে বিচাৰিছে ৰাজভৱনৰ CCTV ফুটেজ
তদন্তৰ বাবে গঠন কৰা হৈছে Special Enquiry Team (SET)

পশ্চিমবংগৰ ৰাজ্যপাল চিভি আনন্দ ‍‍বসুৰ বিৰুদ্ধে উঠা অভিযোগক লৈ তোলপাৰ হৈ আছে ৰাজ্যখন। দেশ জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ মাজতে পশ্চিমবংগ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে ৮ জনীয়া স্পেচিয়েল ইনকুৱাৰী টিম।

উপ-আৰক্ষী আয়ুক্ত ইন্দিৰা মুখাৰ্জীৰ নেতৃত্বত গঠন SET
ৰাজভৱনৰ CCTV ফুটেজ বিচাৰি ভাৰপ্ৰাপ্ত বিষয়ালৈ পত্ৰ প্ৰেৰণ
তদন্তৰ বাবে SETৰ একাধিক সদস্যও যায় ৰাজভৱনলৈ
ৰাজভৱনৰ বহু কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে তদন্তকাৰী দলটোৱে

পশ্চিমবংগ চৰকাৰৰ এনে তৎপৰতাৰ মাজতে ৰাজ্যপাল চিভি আনন্দ বসুয়ে এৰিলে কলকাতা।
কেৰালাৰ কোচি গৈ উপস্থিত হ’ল ৰাজ্যপাল বসু
কলকাতালৈ ৰাজ্যপাল কেতিয়া উভতিব সেয়াও স্পষ্ট নহয়

ঘটনাৰ মূল অভিযোগকাৰী ৰাজভৱনৰ অস্থায়ী মহিলা কৰ্মীগৰাকীকো লালবজাৰ আৰক্ষীয়ে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। কৰ্মসূত্ৰে ৰাজভৱনৰ অতিথিশালাতে আছিল মহিলা কৰ্মচাৰীগৰাকী। বৃহস্পতিবাৰে মহিলা কৰ্মচাৰীগৰাকীয়ে ৰাজ্যপালৰ বিৰুদ্ধে আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ। হেয়াৰ ষ্ট্ৰিট থানাত গোচৰ দি মহিলাগৰাকীয়ে দাবী কৰে- ২৪ এপ্ৰিল আৰু দুই মে’ত যৌন নিৰ্যাতন চলাইছিল ৰাজ্যপাল বসুয়ে!

নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ আহি প্ৰধানমন্ত্ৰীয়ে ৰাজভৱনত নিশা কটাইছিল। কিন্তু প্ৰধানমন্ত্ৰী ৰাজভৱনত উপস্থিত হোৱাৰ কিছু সময়ৰ পূৰ্বে মহিলাগৰাকীয়ে হেয়াৰ ষ্ট্ৰিট থানাত উপস্থিত হৈছিল। মহিলা কৰ্মচাৰীগৰাকীৰ অভিযোগে এতিয়া গৰম কৰিছে পশ্চিমবংগৰ ৰাজনীতি। বিজেপি আৰু বাওপন্থীয়ে অৱশ্যে এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সন্দেহ কৰিছে। মহিলাগৰাকীৰ মাতৃয়ে একালত তৃণমূল কংগ্ৰেছৰ পৰা স্থানীয় নিকাইৰ নিৰ্বাচন খেলিছিল। কিন্তু TMC–ৰ প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত হ’লেই যৌন নিৰ্যাতন লঘূ হৈ যাব নেকি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...