ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক ৰাজস্থান ৰয়েলছৰ সোণালী টিকট উপহাৰ

জয়পুৰ, ২৩ মাৰ্চ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে কাইলৈ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত চলিত ১৭ সংখ্যক আই পি এলৰ এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েKI×ছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷ ৰাজস্থান ৰয়েলছৰ নতুন ছিজনৰ প্ৰথমখন মেচৰ সাক্ষী হ’বলৈ দলীয় মেনেজমেণ্টে আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক সোণালী টিকট উপহাৰ দি কাইলৈৰ মেচখনলৈ আমন্ত্ৰণ জনায়৷

এই উপলক্ষ্যে মুখ্যমন্ত্ৰীগৰাকীৰ জয়পুৰত থকা অ’ টি এছ বাসগৃহত ৰাজস্থানৰ ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰ উপস্থিতিত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰাম আৰু দলটোৰ উপ-সভাপতি [গ্ল’বেল পাৰ্টনাৰশ্বিপ] ৰাজীৱ খান্নাই মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক সাক্ষাৎ কৰি কাইলৈ হ’বলগা মেচখনলৈ আনুষ্ঠানিকভাবে আমন্ত্ৰণ জনায়৷

উল্লেখ্য যে আই পি এলৰ ২০২৪ ছিজনৰ বাবে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুৰাগীক আদৰণি জনোৱাৰ বাবে সাজু হৈছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ৷ সঞ্জু ছেমছন নেতৃত্বাধীন দলটোৱে কাইলৈ ছুপাৰ ছান ডেৰ প্ৰথমখন মেচত [বিয়লি ৩.৩০ বজাত] লক্ষ্ণৌ ছুপাৰ জায়েKI×ছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ উদ্বোধনী মেচত অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে ষ্টেডিয়ামখনৰ পৰিৱেশত দৃশ্যমান হৈছে কিছু পৰিৱৰ্তন৷ গোলাপী ৰঙৰ নতুন আসনে আইকনিক ষ্টেডিয়ামখনৰ সৌন্দয্য বৃদ্ধি কৰিছে৷ নতুন আৰু উন্নীতকৃত ব্যৱস্থা তথা আতিথ্যই অনুৰাগীসকলক যশস্বী জয়ছৱাল, সঞ্জু চেমছন, ৰবিচন্দ্ৰন অশ্বিন, জ’ছ বাটলাৰ আৰু যুজবেন্দ্ৰ চাহালকে ধৰি তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলক আৰামত চোৱাৰ সুযোগ প্ৰদান কৰিব৷

ৰাজস্থান চৰকাৰৰ ক্ৰীড়া বিভাগৰ তত্বাৱধানত ৰাজস্থান ৰাজ্যিক ক্ৰীড়া পৰিষদৰ সহযোগত ৰয়েলছে খেল উপভোগ কৰিবলৈ অহা অনুৰাগীসকলে যাতে ষ্টেডিয়ামত সৰ্বোত্তম অভিজ্ঞতা লাভ কৰে সেইদিশত সকলো কৰণীয় কাম সম্পন্ন কৰিছে৷ ইফালে, ৰাজস্থান ৰাজ্যক গৌৰৱান্বিত কৰা প্ৰখ্যাত প্ৰাক্তন ক্ৰীড়াবিদসকলৰ লগতে ৰাজস্থান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কসকলকো ক্ৰীড়া বিভাগ তথা ৰয়েলছ দলে বিশেষভাবে আতিথ্য প্ৰদান কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...