এইবাৰ কি হ’ব গুৱাহাটী লোকসভা সমষ্টিত?

0 35

কি হ’ব এইবাৰৰ গুৱাহাটী লোকসভা সমষ্টিত? কোনে মাৰিব শেষ হাঁহি? বিজুলী কলিতা মেধি নে মীৰা বৰঠাকুৰ? কাৰ পক্ষে বেছিকৈ বলিছে নিৰ্বাচনী গৰম বতাহ? প্ৰচাৰৰ দৌৰত কোন আছে আগত, কোন আছে পিছত? ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীক সামৰি গঠিত এই সমষ্টিটো যেন শাসক–বিৰোধী সকলোৰে বাবে এক সন্মানৰ প্ৰশ্ন। ১৯৫২ চনৰ পৰা ২০১৯চনলৈ সুদীৰ্ঘ এই সময়ছোৱাত কংগ্ৰেছে ৬ বাৰ, বিজেপিয়ে ৪ বাৰ দখল কৰিছে গুৱাহাটী। ইয়াৰ উপৰিও অগপই ১বাৰ,PSPএ ২ বাৰ জনতা পাৰ্টীয়ে ১ বাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ বাৰ দখল কৰিছে গুৱাহাটী। গুৱাহাটীত ৩ বাৰকৈ সংসদ হৈছে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী। ১৯৯৯, ২০০৯ আৰু ২০১৪ত গুৱাহাটীৰ সাংসদ আছিল বিজয় চক্ৰৱৰ্তী। গুৱাহাটীৰ প্ৰথমজন সাংসদ আছিল কংগ্ৰেছৰ ৰোহিনী কুমাৰ চৌধুৰী। ২০১৯ত গুৱাহাটীত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী কুইন ওজা। কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাতকৈ প্ৰায় ৩ লাখ ৪৫ হাজাৰ ৬০৬ টা ভোটৰ ব্যৱধানত জয় হৈছিল কুইন ওজা। বিজেপি প্ৰাৰ্থী কুইন ওজাই ১০ লাখ ৮ হাজাৰ ৯৩৬ টা ভোট লাভৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই লাভ কৰিছিল ৬ লাখ ৬৩ হাজাৰ ৩৩০টা ভোট। এইবেলিও গুৱাহাটীত মূল যুঁজ হ’ব ২ মহিলা প্ৰাৰ্থীৰ। বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰৰ মাজত যুঁজ হ’ব গুৱাহাটীত। উল্লেখযোগ্য যে ২০১৯চনৰ বিধানসভা নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মীৰা বৰঠাকুৰে। কিন্তু অগপ প্ৰাৰ্থী তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হাতত প্ৰায় ৭৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছে তেওঁ। ২০২১ৰ নিৰ্বাচনত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামা অনুসৰি ২ কোটি ২১ লাখ টকাৰ স্থাবৰ–অস্থাবৰ সম্পত্তি আছে মীৰা বৰঠাকুৰৰ। নগাঁও মহাবিদ্যালয়ৰ পৰা ১৯৯৮চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। বিপৰীতে গুৱাহাটী পৌৰ নিগৰমৰ ডেপুটি মেয়ৰ হোৱাৰ অভিজ্ঞতা আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ। লগতে বিজেপিৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাৰে দীৰ্ঘদিনৰে পৰা সেৱা আগবঢ়াই আহিছে যদিও গুৱাহাটীৰ সাধাৰণ ভোটাৰৰ মাজত বিশেষ পৰিচিত মুখ নহয় বিজুলী কলিতা মেধি। দলীয় সমৰ্থক, শুভাকাংক্ষীৰ বাহিৰে আন বহু ভোটাৰে প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতহে প্ৰথ্মবাৰলৈ নাম শুনিছে বিজুলী কলিতা মেধিৰ। ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গুৱাহাটীৰ বহুতৰে বাবে এখন চিৰপৰিচিত মুখ। ৰাজনৈতিক ক্ষেত্ৰখনত সততে সৰৱ হৈ আহিছে বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থকা কংগ্ৰেছ নেত্ৰীগৰাকী। বাকপটুতাৰ ক্ষেত্ৰতো বিজুলী কলিতা মেধিতকৈ বহু তীক্ষ্ণ মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰে ভয় নাখায় সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ। কিন্তু সাংবাদিক দেখিলেই যেন দূৰৈৰ পৰাই আঁতৰি দিয়ে বিজুলী কলিতা মেধি। অৱশ্যে দুয়োগৰাকী প্ৰাৰ্থীয়ে পৃথকে পৃথকে ভোটাৰৰ অধিক কাষ চাপিবলৈ চেষ্টা অব্যাহত ৰাখিছে।দিনে নিশাই ৰাইজৰ মাজলৈ গৈ প্ৰচাৰ চলাইছে মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধিয়ে। সাধাৰণ ভোটাৰ ৰাইজৰ মাজত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিতকৈ বৰ্তমান অধিক উচ্চাৰিত হৈ আছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নাম। কিন্তু এতিয়াও ভোটগ্ৰহণলৈ যথেষ্ট সময় বাকী আছে। অন্তিম সময়লৈকে বৰ্তমানৰ নিৰ্বাচনী ছবিখন বহু সলনি হোৱাৰ সম্ভাৱনা আছে। সেয়া যিয়েই নহওঁক বৰ্তমান সময়ত শাসক দলে বিজেপিৰ বাবে গুৱাহাটীত এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, সেই কথা কোনেও নুই কৰিব নোৱাৰে। উল্লেখ্য যে গুৱাহাটী সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ২০ লাখ ১৩ হাজাৰ ১৪৫ গৰাকী। ইয়াৰে গুৱাহাটীত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হ’ল ৯ লাখ ৯২ হাজাৰ ৭২০গৰাকী। আনহাতে গুৱাহাটীত মুঠ মহিলা ভোটাৰৰ সংখ্যা ১০ লাখ ২০ হাজাৰ ৪২৫ গৰাকী। অৰ্থাৎ গুৱাহাটীত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি। পুৰুষ ভোটাৰতকৈ গুৱাহাটীত মহিলা ভোটাৰৰ সংখ্যা ২৭,৭০৫ গৰাকী বেছি।

Leave A Reply

Your email address will not be published.