পুটিন প্ৰশাসনৰ প্ৰশ্ন কিহৰ ভিত্তিত আমেৰিকা নিশ্চিত হ’ল?

মস্কোত ISISৰ আক্ৰমণে জোকাৰিছে বিশ্ব
ৰাষ্ট্ৰপতি পুটিনৰ ‘প্ৰতিশোধ’ৰ হুংকাৰ
ভয়াৱহ আক্ৰমণক লৈ আমেৰিকাৰে ‘X’ যুদ্ধ

পঞ্চমবাৰৰ বাবে পুটিন ৰাষ্ট্ৰপতি হোৱাৰ পিছতে সন্ত্ৰাসবাদী ISIS–এ মস্কোত তেজৰ হোলী খেলিলে।

১৪৩ গৰাকী নিহত, ডেৰ শতাধিক নিহত

শুকুৰবাৰে নিশা সংঘটিত হোৱা ভয়াবহ আক্ৰমণৰ পিছত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে বিশ্বত। ২০০১ চনৰ আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু ২০০৮ চনৰ মুম্বাইৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সৈতে ৰিজোৱা হৈছে মস্কোৰ আক্ৰমণক। পুটিন প্ৰশাসনে প্ৰকাশ কৰা মতে ১৩৩ গৰাকী লোকে প্ৰাণ হেৰুওৱা নিশ্চত হৈছে। কিন্তু ৰাছিয়াৰ সংবাদ মাধ্যমৰ সূত্ৰই ১৪৩ গৰাকী লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে। এই আক্ৰমণৰ পিছতে শোকস্তব্ধ হৈ পৰিছে ৰাছিয়া। মস্কোত সমূহীয়া ভাৱে শ্ৰদ্ধাঞ্জলি জলোৱা হৈছে নিহতসকলৰ প্ৰতি।

মস্কোৰ ক্ৰোকাছ চিটি হলত সংঘটিত হোৱা নৰ সংহাৰৰ দায়িত্ব স্বীকাৰ কৰিছে ISIS–খোৰাচানে। আফগানিস্তানত সক্ৰিয় এই গোটটোৱে আক্ৰমণ সংঘটিত কৰা বুলি ক’লেও পুটিন প্ৰশাসনৰ স্থিতি স্পষ্ট হোৱা নাই। মাথো এই আক্ৰমণৰ ভয়াবহ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে পুটিনে। ইয়াৰ মাজতে আমেৰিকাৰ প্ৰতিক্ৰিয়াই খড়্গহস্ত কৰিছে মস্কোক। ভয়াবহ আক্ৰমণৰ পিছতে হোৱাইট হাউছে এই আক্ৰমণেৰে ইউক্ৰেইনৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰে। ইয়াতে ক্ষুণ্ণ হৈ পৰিছে মস্কো। পুটিন প্ৰশাসনৰ প্ৰশ্ন কিহৰ ভিত্তিত আমেৰিকা নিশ্চত হ’ল?

কি দৰে হোৱাইট হাউছে ক’ব পাৰিলে আক্ৰমণত ইউক্ৰেইনৰ সম্পৰ্ক নাই?
যদি কোনো প্ৰমাণ নাই কোনো প্ৰশ্ৰয় দিয়াৰ অধিকাৰ হোৱাইট হাউছৰ নাই

ভয়াৱহ আক্ৰমণক লৈ আমেৰিকাই কিবা তথ্য গোপনে ৰখাৰো সন্দেহ ৰাছিয়াৰ। ইফালে আমেৰিকাৰ দাবী ৰাছিয়াৰ ওপৰত এনে সাম্ভাব্য আক্ৰমণ বাৰ্তা মাৰ্চৰ প্ৰথম ভাগতে মস্কোক দিয়া হৈছিল। গণ সমাৱেশ, কমচাৰ্ট আদি এৰাই চলিবলৈও ৰুচ নাগৰিকক সতৰ্ক কৰিছিল আমেৰিকাৰ চোৰাংচোৱা বিভাগে। তেন্তে পুটিনে আমেৰিকাৰ কথাত গুৰুত্ব নিদিলে কিয়? এতিয়া সকলোৰে চকু পুটিনৰ ওপৰত। কাৰ ওপৰত পুটিনে ল’ব প্ৰতিশোধ?

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...