হাতত ISISৰ পতাকা লৈ আটক গুৱাহাটী IITৰ ছাত্ৰ

0 73

হাতত ISISৰ পতাকা লৈ জালুকবাৰীৰ পৰা হাজো অভিমুখে গৈ আছিল এজন যুৱক। নিজকে ISISৰ সমৰ্থক বুলি পৰিচয় দিয়া যুৱকজনক হিন্দু জাগৰণ মঞ্চই আটক কৰি আৰক্ষীক গতাই দিয়ে। পৰিচয় উদ্ধাৰ হয় যুৱকজনৰ। গুৱাহাটী IITৰ ছাত্ৰ আছিল টৌফিছ আলী ফাৰুকী। হাজো আৰক্ষীয়ে STFক গতাই দিয়ে টৌফিছক। তাৰ পিছতে STFৰ অনুসন্ধানত উন্মোচিত হয় ভয়ানক তথ্য। দিল্লীৰ অতি মেধাৱী ছাত্ৰজনে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত ১৬০০ ৰেংকেৰে IITত নামভৰ্তি কৰিছিল। IITলৈ অহাৰ পৰাই দৈনিক পঢ়িছিল কোৰাণ, নামাজো পঢ়িছিল ৫ ৱক্তকৈ। গুৱাহাটী IIT ছাত্ৰাবাসত অকলশৰে থাকি ভাল পোৱা টৌফিছ আকৰ্ষিত হৈছিল ISISৰ প্ৰতি। ISISত যোগদান কৰাৰ মানসেৰে বিভিন্নজনক মেইলো কৰিছিল। গুৱাহাটী IITৰ ছাত্ৰাবাসত থকা টৌফিছৰ কোঠাত অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

প্ৰথমে ধুবুৰীত গ্ৰেপ্তাৰ হ’ল ISIS ভাৰতৰ মুৰব্বী
এইবাৰ গুৱাহাটী IITত ওলাইছে ISISৰ সমৰ্থক ছাত্ৰ

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ চমুকৈ STFৰ আবেষ্টনীত থকা এই যুৱকজনলৈ মন কৰক। দিল্লীৰ যুৱক এইজন। নাম ISISত যোগদানৰ বাবে উদগ্ৰীৱ হৈ আছে টৌছিফ আলী ফাৰুকী। গুৱাহাটী IITৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ ISISত যোগদানৰ বাবে উদগ্ৰীৱ হৈ আছে টৌছিফ আলী ফাৰুকী।

টৌছিফৰ আটক হোৱাৰ ঘটনা নাটকীয়। জালুকবাৰীৰ পৰা হাজো অভিমুখে গৈ থাকোঁতে দমদমাত হিন্দু জাগৰণ মঞ্চই আটক কৰিছিল টৌছিফক। জালুকবাৰীৰ পৰা খোজকাঢ়ি হাজো অভিমুখে গৈ আছিল হেনো টৌছিফ। ছাত্ৰজনৰ হাতত আছিল ISISৰ এখন পতাকা। হিন্দু জাগৰণ মঞ্চই ছাত্ৰজনক আটক কৰি হাজো আৰক্ষীক গতাই দিয়ে।

শনিবাৰে নিশাই হাজো আৰক্ষীয়ে আটকাধীন ছাত্ৰজনক STFক গতায়। টৌছিফ আলী ফাৰুকীক প্ৰাথমিক সোধাপোচা কৰিয়েই গুৱাহাটী IITৰ ছাত্ৰাবাসত থকা টৌছিফৰ কোঠাত তালাচী চলায় STF-এ। আৰক্ষীৰ দাবী- টৌছিফৰ কোঠাৰ পৰা জব্দ হৈছে বহু আপত্তিজনক সা-সামগ্ৰী। প্ৰাথমিক জেৰাতেই মেধাৱী ছাত্ৰজনে দিয়া স্বীকাৰোক্তি অনুসৰি- ISISৰ সমৰ্থক আছিল তেওঁ। ISISত যোগদানৰ বাবেও ধাৰাবাহিকভাবে চলাইছিল চেষ্টা। বিভিন্ন ঠাইত মেইলো কৰিছিল। হোষ্টেলত অকলশৰে থাকি ভাল পোৱা ছাত্ৰজনৰ ISISত যোগদানৰ চেষ্টা কিন্তু এইপৰ্যন্ত সফল হোৱা নাছিল। নিশাই গুৱাহাটী কাৰ্যালয়ত STFৰ জৰুৰী সংবাদমেল।

গুৱাহাটী IITত ISISৰ সমৰ্থক ছাত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ পিছতে STFৰ কাৰ্যালয়ত শীৰ্ষ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক। NIAৰ তথ্যৰ ভিত্তিত ধুবুৰীত ISIS ভাৰতৰ মুৰব্বী হৰিশ আজমল ফাৰুকীৰ গ্ৰেপ্তাৰে ইতিপূৰ্বেই উদ্বিগ্ন কৰি ৰাখিছিল STFক। কাৰণ NIAৰ তথ্য অনুসৰি অসমত ISISৰ সদস্যভৰ্তিৰ পৰিকল্পনা আছিল আজমল ফাৰুকীৰ। NIAই অসমত ISISৰ গতিবিধি সংক্ৰান্তীয় সকলো তথ্য যোগান ধৰিছিল STFক। এনে সময়তে গুৱাহাটী IITৰ ছাত্ৰ টৌছিফ আলী ফাৰুকী নাটকীয়ভাবে আটক হোৱা ঘটনাই অধিক সতৰ্ক হ’বলৈ বাধ্য কৰিছে STFক।

পুৱালৈ STF-এ আনুষ্ঠানিকভাবে গ্ৰেপ্তাৰ কৰিলে টৌফিছক। টৌছিফৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপৰ ধাৰাৰ উপৰি ভাৰতীয় ন্যায় সংহিতাৰ 121(A), 120(B) আৰু ১২৩ ধাৰা সন্নিবিষ্ট কৰা হৈছে। ওৰে নিশা মাৰাথন জেৰা চলোৱা হ’ল গুৱাহাটী IITৰ ছাত্ৰজনক। জেৰাত দিল্লীৰ টৌছিফৰ আলী ফাৰুকীৰ জীৱনৰ বহু তথ্য লাভ কৰিছে STF-এ। সৰুৰে পৰা মেধাবী টৌছিফৰ IITত ৰেংকিং আছিল ১৬০০। গুৱাহাটী IITত যোগদানৰ পিছৰে পৰা ইছলামীয় কথাৰ প্ৰতি অধিক আকৰ্ষিত হৈছিল টৌছিফ। ৫ ৱক্ত নামাজ পঢ়িছিল, দৈনিক পঢ়িছিল কোৰাণ। সামাজিক মাধ্যমত ISISৰ ইছলামীয় অনুপ্ৰেৰণামূলক ভিডিঅ’ চাই চাই কুখ্যাত ISISৰ প্ৰতি আকৰ্ষিত হৈছিল মেধাবী টৌছিফ। বিগত বহুদিন ধৰি ISISত যোগদানৰ বাবে টৌছিফে বিচাৰি ফুৰিছিল যোগসূত্ৰ। ISISত যোগদানৰ উদ্দেশ্যেই বিভিন্নজনলৈ মেইলো কৰিছিল। জেৰাৰ কালছোৱাত ছাত্ৰজনৰ পৰিয়াল সংক্ৰান্তীয় কিছু তথ্যও লাভ কৰিছে STF-এ। দিল্লীত কাপোৰৰ দোকান আছে টৌছিফৰ মাকৰ। পিতৃ-মাতৃ একেলগে নাথাকে। টৌছিফৰ এজন সম্পৰ্কীয় খুড়াক অৱসৰী IPS।

জেৰাত এইপৰ্যন্ত এটা কথাত নিশ্চিত হৈছে STF। ISISৰ সৈতে টৌছিফৰ কোনো প্ৰামাণিক যোগসূত্ৰ এতিয়ালৈ নাই। কিন্তু কি কথাই টৌছিফক ISISৰ প্ৰতি আকৰ্ষিত কৰিলে? কাৰ সৈতে যোগাযোগ কৰিছিল টৌছিফ? কোনবোৰ কথাই কেইটামান বছৰতে মৌলবাদী কৰি তুলিলে টৌছিফক? সেয়া এতিয়াও ৰহস্য হৈ আছে। গুৱাহাটী IITৰ ছাত্ৰজনক জিম্মাত লৈ সেই সন্দৰ্ভতো অনুসন্ধান চলাব STF-এ।

Leave A Reply

Your email address will not be published.