আহমেদাবাদত পাকিস্তানৰ বিৰুদ্ধে খেলত ভাৰতীয় সমৰ্থকৰ ব্যৱহাৰক লৈ প্ৰশ্ন

আহমেদাবাদত পাকিস্তানৰ বিৰুদ্ধে খেলত ভাৰতীয় সমৰ্থকৰ ব্যৱহাৰক লৈ প্ৰশ্ন
পাক খেলুৱৈক কটাক্ষ কৰা সন্দৰ্ভত টুইট কৰিছিল সাংবাদিক আৰফা খানুম শ্বেৰৱানীয়ে
দৰ্শকৰ ব্যৱহাৰত ভাৰতীয় হিচাপে লজ্জিত হৈছিল বুলিও উল্লেখ সাংবাদিকগৰাকীৰ
লগে লগে প্ৰাক্তন পাক ক্ৰিকেটাৰ ডেনিছ কানাৰিয়াৰ টুইটযোগে ভৰ্ৎসনা সাংবাদিকজনক
‘ভাৰতে আপোনাৰ দৰে মানুহ নিবিচাৰে, আপুনি আহক পাকিস্তানলৈ’
টুইট যুদ্ধত জঁপিয়াই পৰিল বিজেপি মুখপাত্ৰ গৌৰৱ ভাটিয়া, উত্তাল সামাজিক মাধ্যম


পাকিস্তানৰ বিৰুদ্ধে আহমেদাবাদত অনুষ্ঠিত হোৱা খেলখনত একাংশ ভাৰতীয় সমৰ্থকে কটাক্ষ কৰিছিল পাক ক্ৰিকেটাৰক। পাকিস্তানৰ উইকেটৰক্ষক মহম্মদ ৰিজৱানক উদ্দ্যেশি একাংশ উন্মাদ দৰ্শকে চিঞৰিছিল ‘জয় শ্ৰীৰাম’ বুলি। অষ্ট্ৰেলিয়া-পাকিস্তানৰ মাজত যোৱা শুকুৰবাৰে অনুষ্ঠিত খেলখনতো এজন পাকিস্তানী সমৰ্থকে ‘পাকিস্তান জিন্দাবাদ’ শ্ল’গান দিওঁতে তেওঁক কটাক্ষ কৰিছিল একাংশ ভাৰতীয় সমৰ্থকে। আনকি এজন আৰক্ষীও আহি পাকিস্তানৰ পৰা অহা সমৰ্থকগৰাকীক শ্ল’গান দিয়াত বাধা প্ৰদান কৰে। এই কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰিছিল সংবাদগোষ্ঠী The Wireৰ জ্যেষ্ঠ সম্পাদক আৰফা খানুম শ্বেৰৱানীয়ে। সাংবাদিক শ্বেৰৱানীয়ে টুইটত কৈছিল– বিশ্বকাপৰ সময়ত একাংশ দৰ্শকৰ এই ব্যৱহাৰত ভাৰতীয় হিচাপে তেওঁ লজ্জিত আৰু অস্বস্তিত পৰিছে। টুইটত তেওঁ ভিন্ন মতাদৰ্শৰ মানুহক একত্ৰিত কৰা ক্ৰীড়াক্ষেত্ৰত সংখ্যাগুৰুৰ আধিপত্য প্ৰকাশ কৰা বিষয়টো মোদী আৰু RSSৰ এক দশকজোৰা অভিযানৰ প্ৰতীকী ফলশ্ৰুতি বুলি সমালোচনা কৰে।

শ্বেৰৱানীৰ টুইটৰ লগে লগে উত্তাল হৈ পৰে সামাজিক মাধ্যম
একাংশৰ শ্বেৰৱানীৰ বক্তব্যক সমৰ্থন, বিপৰীতে বহু লোকৰ গঞ্জনাৰ বলি সাংবাদিকগৰাকী
এই টুইট যুদ্ধত জঁপিয়াই পৰে প্ৰাঃ পাক ক্ৰিকেটাৰ ডেনিছ কানাৰিয়া
কানাৰিয়াই ক’লে, ভাৰতীয় হিচাপে লজ্জিত হৈছে যদি পাকিস্তানলৈ আহক

সাংবাদিক শ্বেৰৱানীক কটাক্ষ কৰি কানাৰিয়াই আৰু ক’লে ভাৰতে আপোনাৰ দৰে ব্যক্তিক নিবিচাৰে। মই নিশ্চিত যে বহু ভাৰতীয়ই আপোনাৰ পাকিস্তান যাত্ৰাৰ স্পনছৰ কৰিবলৈ সাজু আছে। এই বিষয়ক লৈ সামাজিক মাধ্যম দ্বিবিভক্ত হৈ থকাৰ সময়তে বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটীয়াৰ এটা টুইটে যেন জ্বলা জুইত ঘিঁহে ঢালিলে।

গৌৰৱ ভাটীয়াই আৰু ক’লে– ডেনিছ কানাৰিয়া, আনক সমালোচনা কৰাৰ পূৰ্বে পোনতে আপোনাৰ ঘৰখন ঠিক কৰি লওক। সাংবাদিক আৰফাই আমাৰ দেশক ভুলকৈ সমালোচনা কৰিছে, কিন্তু আমাৰ সম্পৰ্ক ধৰ্মই নিৰ্দিষ্ট নকৰে। আমি ভাল পোৱা দেশ ভাৰতেহে কৰে। যদিও আৰফাৰ সৈতে আমাৰ পাৰ্থক্য আছে, মই এগৰাকী ভাৰতীয় হিচাপে আৰফাৰ পক্ষত থিয় হৈছোঁ। দেশৰ প্ৰতি ভালপোৱাটো ধৰ্মৰ সম্পৰ্কতকৈ অধিক গভীৰ হোৱা উচিত। ভৱিষ্যতে আপুনি কোনো ভাৰতীয়ক হাৰাশাস্তি কৰিবলৈ চেষ্টা নকৰিব, অন্যথা আপোনাক ক্ৰিকেট বলৰ দৰেই আপোনাৰ ক্ষেত্ৰৰ পৰা বাহিৰলৈ দলিয়াই দিয়া হ’ব।

গৌৰৱ ভাটিয়াৰ এই টুইটৰ পিছতে জুই লাগি যায় সামাজিক মাধ্যমত। ডেনিছ কানাৰিয়াই বিজেপি, RSSএ গ্ৰহণ কৰা পলিচীৰ সমৰ্থনতহে বক্তব্য আগবঢ়াইছিল বুলি একাংশ নেটিজেনে মত প্ৰকাশ কৰাৰ লগতে গৌৰৱ ভাটিয়াক তীব্ৰ সমালোচনা কৰিছে। ছ’চিয়েল মিডিয়াত এতিয়া অব্যাহত আছে আৰফা খানুম শ্বেৰৱানী বনাম ডেনিছ কানাৰিয়া বনাম গৌৰৱ ভাটিয়া টুইট যুদ্ধ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...