পিঁয়াজে কন্দুৱাইছে ৰাইজক, আলুৰ বজাৰত জুই

হুৰাহুৰে বাঢ়িছে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্য। ইয়াৰে মাজতে আলু-পিয়াঁজৰ মূল্য বৃদ্ধিয়ে ৰাইজৰ মূৰত ৰাম টাঙোন সোধাইছে। অসমত ভয়ানকভাৱে বৃদ্ধি পাইছে আলু, পিঁয়াজৰ দাম।

ৰাজ্যত বেংগলৰ আলু প্ৰতিকেজিত ২৭ৰ পৰা ২৮ টকা। ৪ দিন পূৰ্বে আছিল প্ৰতিকেজিত ২৫ টকা। আনহাতে, আগ্ৰাৰ আলু প্ৰতিকেজিত ৩৩ৰ পৰা ৩৪ টকা হৈছেগৈ। ৪ দিন পূৰ্বে আছিল প্ৰতি কেজিত ৩০ টকা।

একেদৰে, আলুৰ লগতে পিঁয়াজে কন্দুৱাইছে ৰাইজক। নাছিকৰ পিঁয়াজৰ দাম প্ৰতিকেজিত ৩২ টকা। এসপ্তাহ পূৰ্বে দাম আছিল ২৫ টকা। বেংগালুৰুৰ পিঁয়াজ প্ৰতি কেজিত ৪০ টকা। এসপ্তাহ পূৰ্বে দাম আছিল প্ৰতি কেজিত ৩০ টকা।

একেদৰে আন আন পাচলিৰ দাম আকাশলংঘী হৈছে। বৰ্ধিত দামে এতিয়া জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...