ভোকাতুৰ দেশৰ তালিকাত ১০৭ নম্বৰ স্থানলৈ ভাৰতৰ অৱনতি

গ্ল’বেল হাংগাৰ ইনডেক্সত পুনৰ অৱনতি ভাৰতৰ। ১২১ খন দেশৰ ভিতৰত ভাৰত নামি আহিল ১০৭ নম্বৰ স্থানলৈ। যুদ্ধবিধ্বস্ত আফগানিস্তানক বাদ দি দক্ষিণ এছিয়াৰ বেছিভাগ দেশৰে পিছৰ স্থান দখল কৰিলে ভাৰতে। গ্ল’বেল হাংগাৰ ইনডেক্সৰ প্ৰকাশক ইউৰোপীয় এন জি অ’ কনচাৰ্ণ ৱৰ্ল্ডৱাইড আৰু ৱেলথাংগাৰহিলফে ভাৰতক দিলে ২৯.১ নম্বৰ।

লগতে উল্লেখ কৰিলে যে, দেশখনৰ ক্ষুধাৰ মাত্ৰা অতি উদ্বেগজনক আৰু ভয়ংকৰ। ১২১খন দেশৰ গ্ল’বেল হাংগাৰ ইনডেক্সৰ ভিতৰত ৮টা স্থান তললৈ নামি ৮৪ নম্বৰ স্থানত থকা বাংলাদেশৰ বিগত বৰ্ষৰ ৭৬ নম্বৰ স্থানৰ পৰা বহু উন্নতি হৈছে।

প্ৰায় সকলো চুবুৰীয়া দেশতে পৰ্যাপ্ত অৱস্থাত আছে ক্ষুধাৰ মাত্ৰা। পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, নেপাল, ম্যানমাৰৰ স্থান ক্ৰমে ৯৯, ৬৪, ৮৪, ৮১, আৰু ৭১। ২০২২ চনৰ এই গ্ল’বেল হাংগাৰ ইনডেক্সে বহু কথাই প্ৰতিফলিত কৰে। ক্ষুধাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দশকজুৰি চলি অহা দেশসমূহৰ অগ্ৰগতিৰ বাধাসমূহক প্ৰতিফলিত কৰে এই GHI-এ।

গ্ল’বেল হাংগাৰ ইনডেক্স হৈছে এনে এক প্ৰক্ৰিয়া, যিয়ে বিশ্বজুৰি ক্ষুধাৰ লগতে অঞ্চল আৰু দেশ অনুসৰি ক্ষুধাক জোখ মাখ আৰু অনুসৰণ তথা নিৰূপণ কৰে। ইয়াত শূন্যই হৈছে সৰ্বোত্তম স্ক’ৰ, যিয়ে ভোক নথকাৰ কথা সূচায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...