এখনত ২৩ টা, আনখনত ২৬টা সৰবৰাহৰ সময়তে জালত গৰু সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। এইবাৰ লখিমপুৰ জিলাৰ লালুকত চলিল অভিযান। লালুক আৰক্ষীয়ে কৰায়ত্ত কৰিছে দুখনকৈ গৰু ভৰ্তি ট্ৰাক। এখনত ২৩ টা আৰু আনখনত ২৬টা গৰু সৰবৰাহ কৰিছিল। লালুকৰ মাজেৰে নগাঁও আৰু গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ৫টা অবৈধভাবে গৰু সৰহবৰাহকাৰীসহ ৪৯টা গৰু জব্দ কৰে লালুক আৰক্ষীয়ে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দুজনকৈ অবৈধ গৰু সৰহবৰাহকাৰীক এনকাউণ্টাৰ কৰিছিল ধলপুৰ আৰক্ষীয়ে ৷ ইয়াৰ পিছতো অন্ত পৰা নাই অবৈধ গৰুৰ ৰমৰমীয়া বেহা। এখন গাড়ী গোগামুখৰ পৰা আৰু আনখন নাওবৈচাৰ বঙালমৰাৰ পৰা অহা বুলি সদৰি কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...