হায়দৰাবাদত IPLৰ মেচ, অসমত চলিছে দৰদাম! জালত একেলগে ৭জন জুৱাৰী

IPLৰ অচিলাৰে অসমত অব্যাহত আছে জুৱাৰ আড্ডা। এইবাৰ সোণাৰিত IPLৰ নামত বৃহৎ জুৱাৰ আড্ডা গঢ়ি তোলা ৭ জুৱাৰীক আৰক্ষীয়ে আটক কৰিছে। চফ্ৰাই আৰক্ষীৰ অভিযানত ধৰা পৰিল চৰাইদেউ আৰু যোৰহাট জিলাৰ মৰিয়নীৰ মুঠ ৭জন জুৱাৰী। ইয়াৰে চৰাইদেউ জিলাৰ চাৰিজন আৰু মৰিয়নীৰ ৩ জুৱাৰী। ধৃত যোৰহাট জিলাৰ মৰিয়নীৰ সুৰেন চাহু, অজয় কালিন্দী, ভোগেশ্বৰ ৰাজোৱাৰ আৰু চৰাইদেউ জিলাৰ ফৰিদুল হাজৰিকা, শৰৎ কুৰ্মী, বিশ্বজিৎ দাস আৰু বিকাশ তাঁতী। আটকাধীন জুৱাৰী কেইজনৰ পৰা ৭টা মোবাইল, নগদ ১৯,৭৪০ টকা আৰু AS 03 Z 0815 নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...