হায়দৰাবাদত IPLৰ মেচ, অসমত চলিছে দৰদাম! জালত একেলগে ৭জন জুৱাৰী

IPLৰ অচিলাৰে অসমত অব্যাহত আছে জুৱাৰ আড্ডা। এইবাৰ সোণাৰিত IPLৰ নামত বৃহৎ জুৱাৰ আড্ডা গঢ়ি তোলা ৭ জুৱাৰীক আৰক্ষীয়ে আটক কৰিছে। চফ্ৰাই আৰক্ষীৰ অভিযানত ধৰা পৰিল চৰাইদেউ আৰু যোৰহাট জিলাৰ মৰিয়নীৰ মুঠ ৭জন জুৱাৰী। ইয়াৰে চৰাইদেউ জিলাৰ চাৰিজন আৰু মৰিয়নীৰ ৩ জুৱাৰী। ধৃত যোৰহাট জিলাৰ মৰিয়নীৰ সুৰেন চাহু, অজয় কালিন্দী, ভোগেশ্বৰ ৰাজোৱাৰ আৰু চৰাইদেউ জিলাৰ ফৰিদুল হাজৰিকা, শৰৎ কুৰ্মী, বিশ্বজিৎ দাস আৰু বিকাশ তাঁতী। আটকাধীন জুৱাৰী কেইজনৰ পৰা ৭টা মোবাইল, নগদ ১৯,৭৪০ টকা আৰু AS 03 Z 0815 নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...