হয় ময়েই চুৰি কৰিছিলো…চোৰে নিজ মুখে কৈ গ’ল চুৰিকাণ্ডৰ কথা, ৰাইজৰ ৰোষত গভাইত চোৰ!

চোৰে নিজ মুখে কৈ গ’ল চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা৷ ৰঙালীৰ আনন্দ-উত্সাহৰ সুযোগ লৈছে চোৰে। এইবাৰ গৰৈমাৰীৰ জোৰশিমুলীত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে দুটাকৈ চাইকেল চোৰক। দক্ষিণ কামৰূপৰ গৰৈমাৰী, জোৰশিমুল, সোণতলী অঞ্চলত চোৰৰ উপদ্ৰৱ৷ নিশাৰ সলনি এইবাৰ দিন দুপৰতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড৷ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত কালাতলীৰ দাসপাৰাত চাইকেল চুৰি কৰি আৰক্ষীৰ আলহী হ’ল দুটাকৈ চোৰ৷ চাইকেল চুৰি কৰি লৈ যোৱাৰ সময়তে ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে আনোৱাৰ হুছেইন আৰু মনিৰুল হক নামৰ চোৰ দুটাক৷ ৰাইজে চোৰ দুটাক উত্তম-মাধ্যম সোধাই গতালে জোৰশিমুলী আৰক্ষীক

NKTV Digital
Author: NKTV Digital

88 COMMENTS

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...