হয় ময়েই চুৰি কৰিছিলো…চোৰে নিজ মুখে কৈ গ’ল চুৰিকাণ্ডৰ কথা, ৰাইজৰ ৰোষত গভাইত চোৰ!

চোৰে নিজ মুখে কৈ গ’ল চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা৷ ৰঙালীৰ আনন্দ-উত্সাহৰ সুযোগ লৈছে চোৰে। এইবাৰ গৰৈমাৰীৰ জোৰশিমুলীত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে দুটাকৈ চাইকেল চোৰক। দক্ষিণ কামৰূপৰ গৰৈমাৰী, জোৰশিমুল, সোণতলী অঞ্চলত চোৰৰ উপদ্ৰৱ৷ নিশাৰ সলনি এইবাৰ দিন দুপৰতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড৷ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত কালাতলীৰ দাসপাৰাত চাইকেল চুৰি কৰি আৰক্ষীৰ আলহী হ’ল দুটাকৈ চোৰ৷ চাইকেল চুৰি কৰি লৈ যোৱাৰ সময়তে ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে আনোৱাৰ হুছেইন আৰু মনিৰুল হক নামৰ চোৰ দুটাক৷ ৰাইজে চোৰ দুটাক উত্তম-মাধ্যম সোধাই গতালে জোৰশিমুলী আৰক্ষীক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...