উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘুলি চাপৰি

উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘুলি চাপৰি
চাৰিকড়ীয়া নৈৰ পাৰত চলিছে ফাটবিহুৰ প্ৰস্তুতি

“ম’হঘুলি চাপৰিলৈ আহিবা লাহৰী ঐ,ফাটবিহুৰ বাতৰি ঐ পাই। দেউৰীও আহিব কছাৰীও আহিব ঐ আমাৰ বিহু ভাঙোতা নাই”। সম্প্ৰতি ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত চলিছে ঐতিহাসিক ফাটবিহুৰ মহা আয়োজন। চাৰিকড়ীয়া নৈৰ পাৰত চলিছে বিহুৰ যুদ্ধকালীন প্ৰস্তুতি। ন-ৰূপত সজাই-পৰাই তোলা হৈছে ৩৮ বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি। সকলো পৰম্পৰা সামৰি কাইলৈৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব ফাটবিহু।

এই ফাটবিহু ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ
এইবৰ্ষৰ ফাটবিহুক লৈ অন্তহীন ব্যস্ততা ঢকুৱাখনাবাসীৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে অতিথিগৃহ,ভোজনালয়। যুদ্ধকালিন তৎপৰতাৰে নিজৰ দায়িত্ব পালন কৰিছে উদযাপন সমিতিয়ে।

ইপিনে ঢোল পেঁপাৰ মাতত মুখৰ হৈছে ফাটবিহুৰ বাকৰি

প্ৰায় আঢ়ৈ লক্ষাধিক বিহুপ্ৰেমীক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। অতিথি আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা,জলপানৰ লগতে বিভিন্ন পৰম্পৰাগত খাদ্য। ফাটবিহুৰ মুখ্য আকৰ্ষণ হৈছে মুকলি বিহু। শতাধিক বিহুদলে অংশ লব এইবাৰৰ মুকলি বিহুত। লগতে থাকিব দেউৰী,সোণোৱাল কছাৰী আৰু মিচিংসকলৰ প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা।আহোম ৰাজত্বকালৰে পৰাই উদযাপন কৰি অহা হৈছে বিশেষ ঐতিহ্যৰে মহিমামণ্ডিত ঢকুৱাখনাৰ এই ফাটবিহু। নিখুঁত ৰূপত এই বিহুখনৰ ঐতিহ্য-গৰিমা উপস্থাপনৰ বাবে সদায় চেষ্টা কৰি আহিছে সংস্কৃতিবান ঢকুৱাখনাবাসীয়ে। কাইলৈ পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হ’ব ২০২৪ৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...