উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘুলি চাপৰি

উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘুলি চাপৰি
চাৰিকড়ীয়া নৈৰ পাৰত চলিছে ফাটবিহুৰ প্ৰস্তুতি

“ম’হঘুলি চাপৰিলৈ আহিবা লাহৰী ঐ,ফাটবিহুৰ বাতৰি ঐ পাই। দেউৰীও আহিব কছাৰীও আহিব ঐ আমাৰ বিহু ভাঙোতা নাই”। সম্প্ৰতি ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত চলিছে ঐতিহাসিক ফাটবিহুৰ মহা আয়োজন। চাৰিকড়ীয়া নৈৰ পাৰত চলিছে বিহুৰ যুদ্ধকালীন প্ৰস্তুতি। ন-ৰূপত সজাই-পৰাই তোলা হৈছে ৩৮ বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি। সকলো পৰম্পৰা সামৰি কাইলৈৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব ফাটবিহু।

এই ফাটবিহু ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ
এইবৰ্ষৰ ফাটবিহুক লৈ অন্তহীন ব্যস্ততা ঢকুৱাখনাবাসীৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে অতিথিগৃহ,ভোজনালয়। যুদ্ধকালিন তৎপৰতাৰে নিজৰ দায়িত্ব পালন কৰিছে উদযাপন সমিতিয়ে।

ইপিনে ঢোল পেঁপাৰ মাতত মুখৰ হৈছে ফাটবিহুৰ বাকৰি

প্ৰায় আঢ়ৈ লক্ষাধিক বিহুপ্ৰেমীক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। অতিথি আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা,জলপানৰ লগতে বিভিন্ন পৰম্পৰাগত খাদ্য। ফাটবিহুৰ মুখ্য আকৰ্ষণ হৈছে মুকলি বিহু। শতাধিক বিহুদলে অংশ লব এইবাৰৰ মুকলি বিহুত। লগতে থাকিব দেউৰী,সোণোৱাল কছাৰী আৰু মিচিংসকলৰ প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা।আহোম ৰাজত্বকালৰে পৰাই উদযাপন কৰি অহা হৈছে বিশেষ ঐতিহ্যৰে মহিমামণ্ডিত ঢকুৱাখনাৰ এই ফাটবিহু। নিখুঁত ৰূপত এই বিহুখনৰ ঐতিহ্য-গৰিমা উপস্থাপনৰ বাবে সদায় চেষ্টা কৰি আহিছে সংস্কৃতিবান ঢকুৱাখনাবাসীয়ে। কাইলৈ পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হ’ব ২০২৪ৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...