ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মুল্যৰ বিশেষ IPLৰ টিকট মুকলি

0 137

গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিব৷ সঞ্জু ছেমছনে নেতৃত্ব দিয়া ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অহা ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা এই মেচ দুখনৰ বাবে স্থানীয় অনুৰাগীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজস্থান ৰয়েলছে কাইলৈৰ পৰা বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামৰ কাষতে থকা ছাউথ পইণ্ট স্কুলতো আন এটা টিকট কাউণ্টাৰ মুকলি কৰিব৷ উল্লেখ্য যে ছাউথ পইণ্ট স্কুলতে ৰাজস্থান ৰয়েলছৰ তাৰকা অসম গৌৰৱ সন্তান ৰিয়ান পৰাগে শিক্ষা গ্ৰহণ কৰিছিল৷ সেয়ে এই কাউণ্টাৰত দুয়োখন মেচৰ সকলো শ্ৰেণীৰ টিকট অনুৰাগীৰ বাবে উপলদ্ধ হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে যি বিশেষ টিকট মুকলি কৰিছে সেয়াও ৰিয়ান সমৰ্থকক পাঁচশ টকাৰ ৰেহাই মুল্যতে দিয়া হ’ব৷

উল্লেখ্য যে আই পি এলৰ একমাত্ৰ দল হিচাপে ৰাজস্থান ৰয়েলছে ছাত্ৰ-ছাত্ৰীক ৰেহাই মুল্যত টিকট দিয়াৰ সিদ্ধান্ত লৈছে৷ সেয়াও কেবল গুৱাহাটীৰ মেচ দুখনৰ বাবেহে এই ব্যৱস্থা দলটোৱে হাতত লৈছে৷ টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ যদিও গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকট মুকলি কৰিছে৷ কাইলৈৰ পৰা অহা ১৯ মে’লৈ দিনৰ ১২ বজাৰ পৰা নিশা আঠ বজালৈ ছাউথ পইণ্ট স্কুলৰ টিকট কাউণ্টাৰ মুকলি থাকিব৷ অৱশ্যে মেচ দুখনৰ যি কম সংখ্যক টিকট বিক্ৰি হ’বলৈ বাকী আছে সেয়া শেষ হ’লে কাউণ্টাৰটো ১৯ মে’ৰ পূৰ্বেই বন্ধ কৰা হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট মুকলি কৰাৰ পাছত সম্প্ৰতি মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্ৰহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটি চেণ্টাৰ মল [দিনৰ দুই বজাৰ পৰা] আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্ৰ মুকলি কৰা হৈছে যত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্ৰয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱা সকলে এই দুটা কেন্দ্ৰত টিকট সংগ্ৰহ কৰিব পাৰিব৷ বিপৰীতে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈয়ো ক্ৰয় কৰিব পাৰিব৷

উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ কেৱল এটা ছিজনতে নহয়, সমগ্ৰ বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে৷ আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে৷’

ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘুৰি অহা ঘটনাটোৱে স্বাভাৱিকতে ক্ৰীড়া পৰিৱেশ তন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব৷ উত্তৰ-পূব আৰু অসম স্বকীয় প্ৰতিভাৰে ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ ৰাজ্য হোৱাৰ সম্ভাৱনাক আমি দৃঢ়তাৰে বিশ্বাস কৰো লগতে আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তক ত্বৰান্বিত কৰিব৷’

চলিত ১৭ সংখ্যক আই পি এলত এতিয়ালৈকে খেলা এঘাৰখন মেচৰ আঠখনতে জয়লাভ কৰি ৰাজস্থান ৰয়েলছ ১৬ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছে৷ অহা বাৰ মে’ত ৰয়েলছে চেপক ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ এই মেচ খেলিয়েই ৰাজস্থান ৰয়েলছ গুৱাহাটীলৈ আহিব ছিজনৰ অন্তিম দুখন খেলত অংশ লোৱাৰ বাবে৷ কাৰ্যতঃ গুৱাহাটীৰ মেচেই নিৰ্ণয় কৰিব ৰয়েলছৰ শীৰ্ষস্থান তথা প্লে-অফৰ যোগ্যতা৷

Leave A Reply

Your email address will not be published.