ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মুল্যৰ বিশেষ IPLৰ টিকট মুকলি

গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিব৷ সঞ্জু ছেমছনে নেতৃত্ব দিয়া ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অহা ১৩ মে’ত ৰাজস্থান দল গুৱাহাটীত উপস্থিত হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা এই মেচ দুখনৰ বাবে স্থানীয় অনুৰাগীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজস্থান ৰয়েলছে কাইলৈৰ পৰা বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামৰ কাষতে থকা ছাউথ পইণ্ট স্কুলতো আন এটা টিকট কাউণ্টাৰ মুকলি কৰিব৷ উল্লেখ্য যে ছাউথ পইণ্ট স্কুলতে ৰাজস্থান ৰয়েলছৰ তাৰকা অসম গৌৰৱ সন্তান ৰিয়ান পৰাগে শিক্ষা গ্ৰহণ কৰিছিল৷ সেয়ে এই কাউণ্টাৰত দুয়োখন মেচৰ সকলো শ্ৰেণীৰ টিকট অনুৰাগীৰ বাবে উপলদ্ধ হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে যি বিশেষ টিকট মুকলি কৰিছে সেয়াও ৰিয়ান সমৰ্থকক পাঁচশ টকাৰ ৰেহাই মুল্যতে দিয়া হ’ব৷

উল্লেখ্য যে আই পি এলৰ একমাত্ৰ দল হিচাপে ৰাজস্থান ৰয়েলছে ছাত্ৰ-ছাত্ৰীক ৰেহাই মুল্যত টিকট দিয়াৰ সিদ্ধান্ত লৈছে৷ সেয়াও কেবল গুৱাহাটীৰ মেচ দুখনৰ বাবেহে এই ব্যৱস্থা দলটোৱে হাতত লৈছে৷ টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ যদিও গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকট মুকলি কৰিছে৷ কাইলৈৰ পৰা অহা ১৯ মে’লৈ দিনৰ ১২ বজাৰ পৰা নিশা আঠ বজালৈ ছাউথ পইণ্ট স্কুলৰ টিকট কাউণ্টাৰ মুকলি থাকিব৷ অৱশ্যে মেচ দুখনৰ যি কম সংখ্যক টিকট বিক্ৰি হ’বলৈ বাকী আছে সেয়া শেষ হ’লে কাউণ্টাৰটো ১৯ মে’ৰ পূৰ্বেই বন্ধ কৰা হ’ব৷

ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰ বাবে অনলাইনত বুকমাইশ্ব’ৰ জড়িয়তে টিকট মুকলি কৰাৰ পাছত সম্প্ৰতি মহানগৰীৰ দুটাকৈ স্থানত অনুৰাগীক পোনপটীয়াকৈ টিকট সংগ্ৰহ কৰাৰ সুযোগো ৰয়েলছে দিছে৷ মহানগৰীৰ চিটি চেণ্টাৰ মল [দিনৰ দুই বজাৰ পৰা] আৰু নেহৰু ষ্টেডিয়ামত টিকট কেন্দ্ৰ মুকলি কৰা হৈছে যত, অনুৰাগীয়ে অফলাইনত উভয় খেলৰে টিকট ক্ৰয় কৰিব পাৰিব৷ অনলাইনত অসুবিধা পোৱা সকলে এই দুটা কেন্দ্ৰত টিকট সংগ্ৰহ কৰিব পাৰিব৷ বিপৰীতে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈয়ো ক্ৰয় কৰিব পাৰিব৷

উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰে কয় ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো৷ কেৱল এটা ছিজনতে নহয়, সমগ্ৰ বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে৷ আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে৷’

ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘুৰি অহা ঘটনাটোৱে স্বাভাৱিকতে ক্ৰীড়া পৰিৱেশ তন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব৷ উত্তৰ-পূব আৰু অসম স্বকীয় প্ৰতিভাৰে ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ ৰাজ্য হোৱাৰ সম্ভাৱনাক আমি দৃঢ়তাৰে বিশ্বাস কৰো লগতে আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তক ত্বৰান্বিত কৰিব৷’

চলিত ১৭ সংখ্যক আই পি এলত এতিয়ালৈকে খেলা এঘাৰখন মেচৰ আঠখনতে জয়লাভ কৰি ৰাজস্থান ৰয়েলছ ১৬ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছে৷ অহা বাৰ মে’ত ৰয়েলছে চেপক ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ এই মেচ খেলিয়েই ৰাজস্থান ৰয়েলছ গুৱাহাটীলৈ আহিব ছিজনৰ অন্তিম দুখন খেলত অংশ লোৱাৰ বাবে৷ কাৰ্যতঃ গুৱাহাটীৰ মেচেই নিৰ্ণয় কৰিব ৰয়েলছৰ শীৰ্ষস্থান তথা প্লে-অফৰ যোগ্যতা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা নীতিন নবীন মোৰ বছ, মই তেওঁৰ কৰ্মী : প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...