তিনিটা পৰ্যায়ৰ নিৰ্বাচনে কি ইংগিত দিছে?

তিনিটা পৰ্যায়ৰ নিৰ্বাচনে কি ইংগিত দিছে?
ভোটদান হ্ৰাসে বিপদ আনিব নেকি বিজেপিলৈ?
শংকাত শাসক পক্ষ, ইতিহাস চিন্তাৰ কাৰণ

ইতিমধ্যে দেশত অন্ত পৰিছে তিনিটা পৰ্যায়ৰ নিৰ্বাচন। এই ৩ পৰ্যায়ৰ নিৰ্বাচনত পূৰ্বৰ তুলনাত ভোটদানৰ হাৰ কমিছে। অসমকে ধৰি দুই এখন ৰাজ্যত পূৰ্বৰ দৰে ভোটদানৰ ভোটাৰৰ উৎসাহ দেখা গৈছে যদিও আন ৰাজ্যসমূহত কমিছে ভোটদানৰ হাৰ।

তিনিটা পৰ্যায়ত ২৮৩ খন আসনত সম্পন্ন নিৰ্বাচন
অৰ্থাৎ ৫০ শতাংশৰো বেছি আসনৰ নিৰ্বাচন হৈ গৈছে

নিৰ্বাচন অনুষ্টিত হৈ যোৱা আসনসমূহৰ কোনো কিমানখন আসন লাভ কৰিব। শাসক–বিৰোধীৰ মাজত আৰম্ভ হৈছে অংক। জনগাঁঠনি, পূৰ্বৰ ইতিহাস খুচৰি ৰাজনৈতিক দল আৰু ৰাজনৈতিক বিশেষজ্ঞসকলে অনুমান কৰিছে

নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিটা পৰ্যায়ত ‘অশনিসংকেট’ আহিছে বিজেপিলৈ!
১৯৯৯ চনৰ নিৰ্বাচনক বাদ দি ভোটদান হ্ৰাস পোৱা প্ৰতিটো নিৰ্বাচনে চৰকাৰ সলনি কৰিছে

এনে ইতিহাসেই বিজেপিক শংকিত কৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰত সামান্য ভোটদান বৃদ্ধি পালেও বিহাৰত হ্ৰাস পাইছে ভোটদানৰ হাৰ। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত ৯৩ খন আসনৰ ৭১ খন আসন ২০১৯ত বিজেপিৰ দখললৈ আহিছিল যদিও এইবাৰ ভোটদান হ্ৰাস পোৱাত চিন্তিত হৈছে বিজেপি। ১৯৮৯ চনত বিশ্বনাথ প্ৰতাপ সিঙে চৰকাৰ গঠন কৰাৰ পৰা চলি আছে এটা বিশেষ প্ৰক্ৰিয়া

১৯৯১ৰ নিৰ্বাচনত হ্ৰাস পাইছিল ভোটদান
ক্ষমতালৈ আহিছিল নৰসিংহ ৰাও চৰকাৰ

ব্যতিক্ৰম আছিল ১৯৯৯ চন। ১৩ মহীয়া কাৰ্যকালৰ পিছত ভোটদানৰ হাৰ হ্ৰাস পোৱাতো পুনৰ পূৰ্ণাংগ কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল অটল বিহাৰী বাজপেয়ী।

২০০৪ চনত ভোটদান হ্ৰাস পায় ৪৮.৭৪ শতাংশলৈ
ক্ষমতালৈ আহিছিল মনমোহন সিং চৰকাৰ

ইয়াৰ পিছত ২০১৪ আৰু ২০১৯ ত দেশত মোদীৰ বতাহ বলে। ভোটদানৰ হাৰ বৃদ্ধি পায়। কিন্তু এইবাৰ মোদীৰ বতাহে কিমান কামত দিব তাক লৈ শংকা দেখিছে একাংশ বিজেপি নেতা–কৰ্মীয়ে। সেয়ে ভোটদানৰ হাৰ হ্ৰাস পোৱাত শংকিত হৈছে বিজেপি। অৱশ্যে এতিয়াও চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী আছে। দৃশ্যপট সলনি হ’ব বুলি আশা কৰিছে শাসকীয় NDAই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...